![]()
নিউজ ডেস্কঃ
এতিয়াৰে পৰা বেঙ্কত যুটীয়া একাউন্ট খুলিব পাৰিব সমকামী যুগলে। এই ঘোষণা কৰিছে এটি ব্যক্তিগত খণ্ডৰ বেংকে৷ দেশত এনে পদক্ষেপ এয়াই প্রথম। এই সিদ্ধান্তক কেন্দ্ৰ কৰি উচ্ছ্বাস দেখা দিয়াৰ লগতে ভবিষ্যতে আৰু সলনিৰ আশা প্রকাশ কৰিছে সমকামীসকলে।
উল্লেখ্য, তিনি বছৰ পূৰ্বে দেশত সমকামী সম্পর্কক আইনগত অপৰাধ নহয় বুলি ঘোষণা কৰা হৈছে। বিয়াৰ স্বাধীনতা বৰ্তমান নাপালেও সমকামী যুগলে একেলগে বসবাস কৰিলে সেয়া আইনৰ দৃষ্টিত শাস্তিযোগ্য অপৰাধ নহয়। ২০১৮ চনৰ ৬ ছেপ্টেম্বৰত এই সংক্রান্তীয় সিদ্ধান্ত জনাইছে ছুপ্রিম কোৰ্টে। দেশৰ সর্বোচ্চ আদালতৰ উক্ত ৰায়ৰ তিনি বছৰ পূর্তি উপলক্ষেই আহিল ব্যক্তিগত খণ্ডৰ বেঙ্কৰ এই নতুন সিদ্ধান্ত। একাউন্ট খোলাৰ উপৰি ফিক্সড ডিপজিট কৰাৰো সুযোগ পাব সমকামী যুগলে। নিজৰ একাউন্টত নমিনি হিচাবেও ৰাখিব পাৰিব সমকামী সঙ্গীক। বেঙ্কৰ স্বাস্থ্য বিমাতো জড়িত কৰিব পাৰিব সঙ্গীৰ নাম।
এই সন্দৰ্ভত বেঙ্কৰ তৰফৰ পৰা জনোৱা হৈছে যে বিভিন্ন ধৰণৰ মানুহক সমান সন্মান দিবলৈয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।












