![]()
নিউজ ডেস্কঃ
এটি চিচি টিভি ফুটেজত ধৰা পৰে যে এজন বৃদ্ধক হত্যা কৰি পুখুৰীত পেলাই দিছে ৩৮ বছৰীয়া মোহন চৌধুৰীয়ে। নেপথ্যৰ কাৰণ জানিলে অবাক হ’ব। ঘটনাটি নবী মুম্বাইৰ।
মৃতকৰ নাম শামাকান্ত তুকাৰাম নায়েক। নবী মুম্বাইৰ উলয়েত একাধিক ঘৰ-বাৰী, দোকান আছে ৮০ বছৰীয়া বৃদ্ধজনৰ। কোটি কোটি টকাৰ সম্পত্তি আছে তেওঁৰ নামত। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অভিযুক্ত মোহনৰ এখন দোকান আছিল। নায়েক প্রায়েই তালৈ গৈছিল। মোহনৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক কৰিব বিচাৰিছিল বৃদ্ধজনে। তাৰ বাবে ৫ হাজাৰ টকাও দিব বিচাৰে। পিছত ২৯ আগষ্টত নায়েক দোকানলৈ গৈ মোহনক ১০ হাজাৰ টকা দি কয়, পত্নী হিনাক যেন বৃদ্ধৰ ওচৰলৈ পঠাই দিয়ে। খঙত বৃদ্ধক গঁতিয়াই দিয়ে মোহনে। পৰি গৈ টেবুলৰ কোণাত লাগি মূৰ ফাটি তেজ ওলাবলৈ ধৰে।
লগে লগে দোকানৰ শ্বাটাৰ টানি নমাই দিয়ে মোহনে। ইয়াৰ পিছত ডিঙি চেপি হত্যা কৰে বৃদ্ধক। মৃতদেহ লুকুৱাই ৰাখে শৌচালয়ত। নিশা বৃদ্ধজন ঘৰলৈ উভতি নহাত থানালৈ যায় পুত্ৰ। লগত আছিল মোহনো। ৩১ আগষ্ট পর্যন্ত শৌচালয়তেই আছিল মৃতদেহ। ইয়াৰ পিছত নিশা চাদৰেৰে মেৰিয়াই মোহনে বাইকত উঠাই মৃতদেহটো পুখুৰীত পেলাই দিয়ে। তেতিয়াই ধৰা পৰে চিচি টিভিত। ইতিমধ্যে আৰক্ষীয়ে মোহনক গ্ৰেপ্তাৰ কৰিছে৷












