![]()
নিউজ ডেস্কঃ
পুত্ৰ মুখ্যমন্ত্রী হ’লেও ৰেহাই নাপালে পিতৃয়ে৷ প্রৰোচনামূলক মন্তব্যৰ অভিযোগত ছত্তীশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলৰ পিতৃ নন্দকুমাৰক মঙ্গলবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ছত্তীশগড়ৰ মুখ্যমন্ত্রী তথা কংগ্রেছৰ ওবিচি কোষৰ নেতা ভূপেশ ৱাঘেলে এই সন্দৰ্ভত প্রতিক্রিয়া প্ৰকাশ কৰি কৈছে, ‘‘পুত্ৰ হিচাবে মই পিতৃক সন্মান কৰো। কিন্তু আমাৰ চৰকাৰৰ বাবে কোনোৱেই আইনৰ ঊর্ধ্বত নহয়। কোনো ভুল বা সামাজিক শৃঙ্খলা ভঙ্গকাৰী কোনো কাম উপেক্ষা কৰা নহ’ব।’’
ৰাজ্যৰ ৰাজধানী ৰায়পুৰৰ আৰক্ষীয়ে জনোৱা মতে, ৮৬ বছৰীয়া নন্দকুমাৰৰ বিৰুদ্ধে ব্রাহ্মণ সমাজৰ বিৰুদ্ধে প্রৰোচনামূলক মন্তব্যৰ অভিযোগত ডিডি নগৰ থানাত এটি অভিযোগ দাখিল কৰা হৈছিল। তাৰ বাবেই তেওঁক গ্রেপ্তাৰ কৰা হৈছে। নন্দকুমাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩-এ (জাতি, ধর্ম, ভাষা ইত্যাদিৰ ভিত্তিত সামাজিক বিদ্বেষ বিয়পোৱা), ৫০৫(১-বি) (পৰিকল্পনা অনুযায়ী সমাজত ভয়ৰ বাতাবৰণ সৃষ্টি)সহ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে ছত্তীশগড় আৰক্ষীয়ে।
তেওঁৰ বিৰুদ্ধে অভিযোগ যে এখন সভাত তেওঁ ব্রাহ্মণ সমাজৰ বিৰুদ্ধে সামাজিক ভেদাভেদৰ অভিযোগ তুলিছিল। তেওঁ কৈছিল, ‘‘ব্রাহ্মণসকল ভাৰতত বহিৰাগত। হয় তেওঁলোকে নিজক সলনি কৰিব লাগিব, অথবা গঙ্গাৰ পৰা ভল্গালৈ (ৰাছিয়া) ঘূৰাই পঠাব লাগিব।’’ ইয়াৰ পিছতেই নন্দকুমাৰৰ বিৰুদ্ধে সৰৱ হয় ব্রাহ্মণসহ উচ্চবর্ণৰ বিভিন্ন সংগঠন। থানাত দাখিল হয় অভিযোগ।












