![]()
নিউজ ডেস্কঃ
পাকিস্তানৰ বিৰুদ্ধে আফগনাসকলৰ ক্ষোভ ক্রমাৎ বৃদ্ধি পাইছে। পঞ্জছেৰত পাক বায়ুসেনাই ড্রোন আক্ৰমণ কৰাৰ কথা পোহৰলৈ অহাৰ পিছত ক্ষোভ বাঢ়িছে। তাৰ বিৰোধিতাতেই মঙ্গলবাৰে কাবুলৰ ৰাজপথত নামে হাজাৰ হাজাৰ আফগান। সহযোগ কৰে মহিলাসকলেও। হাতত প্লেকার্ড লৈ শ্লোগান দিয়ে, ‘আইএছআই নিপাত যাওক’। উক্ত সমদলক ছত্ৰভংগ দিয়াবলৈ শূন্যলৈ গুলীচালনা কৰে তালিবানে।
https://twitter.com/AamajN/status/1435123601502621703
সংবাদ মাধ্যম এএফপি, আছভাকা নিউজে এই খবৰ প্রকাশ কৰিছে। বহু কেইটা ভিডিও ভাইৰেল হৈছে। জানিব পৰা মতে, কাবুলত ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত একত্ৰিত হয় হাজাৰ হাজাৰ মহিলাসহ আফগানসকল। সকলোৰে পিন্ধনত বোৰখা। মুখত হিজাব। লগতে কণ্ঠত পাকিস্তানবিৰোধী শ্লোগান। তাতেই সমদলক লক্ষ্য কৰি গুলীচালনা কৰে তালিবানে।
যোৱা সপ্তাহৰ পৰা পাক গুপ্তচৰ সংস্থা আইএছআই প্রধান কাবুলৰ চিৰিন হোটেলত আছে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা উক্ত হোটেল পর্যন্ত সমদল উলিয়ায় আফগানসকলে। সকলোৰে মুখত শ্লোগান, ‘আজাদি আজাদি’, ‘আইএছআই নিপাত যাওক’, ‘পাকিস্তান নিপাত যাওক’।












