![]()
নিউজ ডেস্কঃ
গণতন্ত্রৰ ধ্বজা বহন নকৰে তালিবানে। আফগানিস্তানত হ’ব শ্বৰিয়ত আইন। যাৰ ফলত সংখ্যালঘু আৰু মহিলাসকলৰ পৰিণাম কি হ’বলৈ গৈছে সেয়া স্পষ্ট। নতুন শিক্ষামন্ত্রীয়ে ইতিমধ্যে জনাইছে, পিএইচডি বা মাষ্টাৰ ডিগ্রীৰ কোনো মূল্য নাই! মোল্লাসকলেই শ্রেষ্ঠ। গতিকে দেশৰ শিক্ষাৰ গতি কি হ’বলৈ আগবাঢ়িছে, সেয়াও এই ঘোষণাত পৰিষ্কাৰ হৈছে। কিন্তু তাতোকৈ ডাঙৰ কথা, নতুন আফগান চৰকাৰৰ মন্ত্রীসভাত স্থানলাভ কৰিছে একাধিক কুখ্যাত সন্ত্ৰাসবাদীয়ে।
কার্যবাহী প্রধানমন্ত্রী হিচাবে চৰকাৰৰ নেতৃত্ব দিব মোল্লা মহম্মদ হাচান আখুন্দে। ডোহাত তালিবানৰ ৰাজনৈতিক বিভাগৰ অধ্যক্ষ মোল্লা আব্দুল গনি বৰাদৰক কার্যবাহী উপ-প্রধানমন্ত্রী পতা হৈছে। কিন্তু আখুন্দৰ নাম আছে ৰাষ্ট্রসংঘৰ সন্ত্ৰাসবাদীৰ তালিকাত। হাক্কানি নেটৱর্কৰ প্রধান চিৰাজুদ্দিন হাক্কানি হৈছে কার্যবাহী আভ্যন্তৰীণ মন্ত্রী। পাকিস্তানৰ উত্তৰ ৱাজিৰিস্তানত ঘাটি পাতি থকা চিৰাজুদ্দিনৰ সৈতে আছে তালিবান আৰু আল কায়দাৰ ঘনিষ্ঠ যোগাযোগ। এফবিআইৰ ‘মষ্ট ৱান্টেড’ তালিকাত থকা চিৰাজুদ্দিনক ধৰিবলৈ আমেৰিকাই ৫০ লক্ষ ডলাৰ পুৰস্কাৰো ঘোষণা কৰি থৈছে। কাবুল দখলৰ পিছত তালিবানে কৈছিল যে আমেৰিকাসহ সকলো দেশৰ সৈতে তেওঁলোকে সু-সম্পর্ক বিচাৰে। কিন্তু হাক্কানি মন্ত্রী হোৱাত উক্ত ঘোষণাৰ ভৱিষ্যৎ সন্দৰ্ভত প্রশ্নবোধক আহি পৰিছে।
কার্যবাহী প্রতিৰক্ষামন্ত্রী হৈছে আখুন্দজাদাৰ শিষ্য আৰু মোল্লা ওমৰৰ পুত্ৰ মোল্লা মহম্মদ ইয়াকুব। এওঁ লাডেনক আমেৰিকাৰ হাতত তুলি দিবলৈ অস্বীকাৰ কৰিছিল। কার্যবাহী বিদেশমন্ত্রী হৈছে আমিৰ খান মুত্তাকি, উপ-বিদেশমন্ত্রী শ্বেৰ মহম্মদ আব্বাছ ষ্টানিকজাই, কার্যবাহী বিত্তমন্ত্রী হেদায়েতুল্লা বদ্রি। অর্থাৎ মুঠৰ ওপৰত তালিবানৰ অন্তৰ্ৱর্তী মন্ত্রীসভাত সন্ত্ৰাসবাদী আখ্যা পোৱা একাধিক শীর্ষ নেতাক দেখা গৈছে।












