![]()
নিউজ ডেস্কঃ
ভাৰতীয় সেনাত লিঙ্গবৈষম্য দূৰ কৰিবলৈ যোৱা বছৰেই এক ঐতিহাসিক ৰায় দিছিল শীর্ষ আদালতে। শীর্ষ আদালতে স্পষ্টভাৱে জনাইছিল যে মহিলাসকলক স্থায়ী নিযুক্তি দিব লাগিব।
এইবাৰ পুনৰ ছুপ্রিম কোর্টতেই আন এক ঐতিহাসিক সিদ্ধান্তৰ কথা জনালে কেন্দ্রই। সেনাবাহিনীত স্থায়ী নিযুক্তি দিবলৈ এতিয়াৰে পৰা মহিলাসকলকো নেচনেল ডিফেন্স একাডেমীত ভৰ্তিৰ সুবিধা দিয়া হ’ব। বুধবাৰে ছুপ্রিম কোর্টত এই কথা জনাইছে কেন্দ্রই। কেন্দ্রৰ এই সিদ্ধান্তত সন্তুষ্টি ব্যক্ত কৰিছে শীর্ষ আদালতেও। বুধবাৰে শীর্ষ আদালতত কেন্দ্রৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বর্য ভাটিয়ে জনাইছে যে কেন্দ্র আৰু তিনি সেনা প্রধানে মিলি নেচনেল ডিফেন্স একাডেমী আৰু নভেল একাডেমীৰ জৰিয়তে সেনাত মহিলাসকলক স্থায়ী নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ অৱশ্যে নেচনেল ডিফেন্স একাডেমীৰ জৰিয়তে মহিলাক স্থায়ী নিযুক্তি দিবলৈ ৰাজী হ’লেও এই সংক্রান্তীয় গাইডলাইন প্ৰস্তুত কৰাৰ বাবে কিছু সময় বিচাৰিছে কেন্দ্রই।
আনহাতে, গাইডলাইন প্ৰস্তুত আৰু সিদ্ধান্ত বাস্তৱায়িত কৰিবলৈ কিমান সময় লাগিব, সেয়া জনাবৰ বাবে কেন্দ্রক ১০ দিন সময় দিছে শীর্ষ আদালতে। ২০ ছেপ্টেম্বৰৰ ভিতৰত আদালতত সেই বিষয়ে জনাব লাগিব।












