![]()
নিউজ ডেস্কঃ
আছিল দুগৰাকী প্ৰেমিকা ৷ কিন্তু বিয়া কৰাব এগৰাকীক৷ কিন্তু কাক কৰাব৷ উপায়ন্তৰ হৈ টছ কৰি দুয়ো প্ৰেমিকাৰ মাজৰ পৰা পত্নী নিৰ্বাচন কৰে এগৰাকী যুৱকে৷ এই আশ্চর্যকৰ ঘটনা ঘটিছে কর্নাটকৰ এখন গাঁৱত।
কর্নাটকৰ হাচান জিলাৰ চাকলেশপুৰ গাঁৱৰ এজন যুৱকৰ সৈতে ওচৰৰ এখন গাঁৱৰ এগৰাকী যুৱতীৰ এবছৰমান পূৰ্বে প্রেমৰ সম্পর্ক গঢ়ি উঠে। কিন্তু সমস্যাটো সৃষ্টি হয় ঠিক ছমাহ আগৰ পৰা। উক্ত প্রেমিক-প্রেমিকাৰ জীৱনত আৱিৰ্ভাৱ হয় তৃতীয় ব্যক্তিৰ। যুৱকজনে তেওঁৰ প্রেমিকাক লুকুৱাই ৰাখি ছমাহমান পূৰ্বে অন্য এখন গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে ঘনিষ্ঠ সম্পর্ক গঢ়ি তোলে। দুয়ো প্ৰেমিকাকেই পৃথকে পৃথকে সময় দিছিল যুৱকজনে আৰু দুয়োৰে অজানিতেই এই কাৰ্য চলাই গৈছিল।
কিন্তু যুৱকজনক দ্বিতীয় প্রেমিকাৰ সৈতে দেখে তেওঁৰ প্রথম প্রেমিকাৰ এজন আত্মীয়ই। লগে লগে কথাটো ৰাষ্ট্ৰ হৈ পৰে। মহা বিপদত পৰে যুৱকজন। তেওঁৰ পূৰ্বৰ প্রেমিকাও নাছোৰবান্দা। ইফালে যুৱকজনে দ্বিতীয়গৰাকী প্ৰেমিকাকে বিয়া কৰাব বুলি কোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। আনহাতে, দ্বিতীয়গৰাকী প্ৰেমিকাৰ পিতৃ-মাতৃয়েও যুৱকজনৰ সৈতে তেওঁলোকৰ ছোৱালীক বিয়া দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। ফলত পৰিস্থিতি আৰু জটিল হৈ উঠে। দুয়োগৰাকী প্ৰেমিকায়েই যুৱকজনক বিয়া কৰোৱাৰ বাবে জেদ কৰাত সমস্যা আৰু বাঢ়ে।
অৱশেষত বিষয়টি গৈ পঞ্চায়তত উঠে। কিন্তু পঞ্চায়ত প্রধানেও কোনো স্থিৰ সিদ্ধান্ত দিব নোৱাৰে। অৱশেষত বহু ভাবি-চিন্তি এটা উপায় উলিওৱা হয়। পঞ্চায়তে জনায় যে টছ কৰি ইয়াৰ সমাধান কৰা হ’ব। টছত যিয়েই জিকিব তেৱেঁই যুৱকজনক বিয়া কৰাব।
অৱশ্যে টছত কোন জিকিল সেই সন্দৰ্ভত গাঁওবাসীৰ দুই ধৰণৰ বক্তব্য আহিছে। কোনোৱে কৈছে প্রথম প্ৰেমিকা টছত জয়ী হৈছে, আকৌ কোনোৱে কৈছে দ্বিতীয়গৰাকী। অৱশ্যে টছথ যিয়েই নিজিকক কিয়, যুৱকজনে শেষত স্থিৰ কৰে যে তেওঁ প্রথম প্রেমিকাকেই জীৱন সঙ্গিনী হিচাবে বাছি ল’ব। অৱশেষত সেইটোৱে হয়।












