![]()
নিউজ ডেস্কঃ
আফগানিস্তানক ৩ কোটি ডলাৰৰ সাহায্যৰ কথা ঘোষণা কৰিছে চীন।
চীনে আগতেই জনাইছে যে তেওঁলোকে এই নতুন চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ প্রস্তুত। লগতে ইয়াকো কৈছে, আফগানিস্তানলৈ শান্তি-শৃঙ্খলা উভতাই অনাৰ বাবে এই নতুন অন্তৰ্ৱর্তী চৰকাৰ গঠনৰ প্ৰয়োজন আছিল। বুধবাৰে আফগানিস্তান সন্দৰ্ভত এক বৈঠকত চীনৰ বিদেশমন্ত্রী ৱাং ইয়ে জনাইছে, আফগানিস্তানক সহায় কৰিবলৈ তেওঁলোক প্রস্তুত। কোভিড টীকাৰ ৩০ লক্ষ পালি আৰু খাদ্যসামগ্রীসহ এই সাহায্যৰ পৰিমাণ ৩ কোটি ডলাৰ।












