![]()
নিউজ ডেস্কঃ
দেশৰ শ্ৰেষ্ঠ ১০ শিক্ষা প্রতিষ্ঠানৰ কেন্দ্রীয় তালিকা আজি প্ৰকাশ হয়৷ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে ‘নেচনেল ইনষ্টিটিউচনেল ৰেঙ্কিং ফ্রেমৱর্ক’ (এনআইআৰএফ)ৰ তালিকা প্রকাশ কৰে। সেই হিচাপত দেশৰ সামগ্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ শীৰ্ষ ১০ৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটী আইআইটিয়ে৷ এই তালিকাত আইআইটি গুৱাহাটীৰ স্থান অষ্টম ৷

১) আইআইটি মাদ্ৰাজ
২) আইআইএছ বাংগালুৰু
৩) আইআইটি বম্বে
৪) আইআইটি দিল্লী
৫) আইআইটি কানপুৰ
৬) আইআইটি খড়গপুৰ
৭) আইআইটি ৰুঢ়কী
৮) আইআইটি গুৱাহাটী
৯) জেএনইউ নতুন দিল্লী
১০) বানাৰস হিন্দু বিশ্ববিদ্যালয়, বাৰানসী
বিশ্ববিদ্যালয় হিচাপত দেশৰ শীৰ্ষ ১০ বিশ্ববিদ্যালয় হৈছে :

১) ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্স, বাংগালুৰু
২) জেএনইউ নতুন দিল্লী
৩) বানাৰস হিন্দু বিশ্ববিদ্যালয়, বাৰানসী
৪) কলকাতা বিশ্ববিদ্যালয়
৫) এভিভি কয়েম্বটুৰ
৬) জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লী
৭) এমএএইচই মনিপাল
৮) যাদৱপুৰ বিশ্ববিদ্যালয়, কলকাতা
৯) হায়দৰাবাদ বিশ্ববিদ্যালয়
১০) আলিগড় মুছলিম বিশ্ববিদ্যালয়
এই তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থান ৪৫, তেজপুৰ বিশ্ববিদ্যালয়ৰ ৪৬, নেহুৰ ৫৯ আৰু অসম বিশ্ববিদ্যালয়ৰ স্থান হৈছে ৯৩৷












