![]()
নিউজ ডেস্কঃ
আপুনি অৰিয়েন্টেল বেঙ্ক অব কমাৰ্চ (ওবিচি) বা ইউনাইটেড বেঙ্ক অব ইণ্ডিয়া (ইউবিআই)ৰ গ্ৰাহক নেকি ? তেনেহ’লে অৱশ্যেই কৰক এই জৰুৰী কামটো। কিয়নো পঞ্জাব নেচনেল বেঙ্কে (পিএনবি) জনাইছে যে এই দুই বেঙ্কৰ চেকবহী ১ অক্টোবৰৰ পৰা অচল হৈ পৰিব।
গ্রাহকসকলক আগতীয়াকৈ সতর্ক কৰাৰ বাবেই টুইট কৰি এই বার্তা দিছে পিএনবিয়ে। গ্রাহকসকলে যেন সোনকালে এই কাম কৰে তাৰ পৰামর্শও দিছে পিএনবি কর্তৃপক্ষই। পিএনবিয়ে জনাইছে, ‘ওবিচি আৰু ইউবিআইৰ পুৰণি চেকবহী ১ অক্টোবৰৰ পৰা আৰু গ্রহণযোগ্য নহ’ব। অনুগ্রহ কৰি উক্ত চেকবহীৰ সলনি নতুন আইএফএছচি আৰু এমআইচিআৰ কোডযুক্ত পিএনবিৰ চেকবহী সংগ্রহ কৰক।’
কেনেদৰে নতুন চেকবহী পাব তাৰো উপায় দিছে পিএনবিয়ে। এটিএম, ইন্টাৰনেট বেঙ্কিং, পিএনবি ৱান অথবা পোনপটীয়াকৈ কলচেন্টাৰত যোগাযোগ কৰি এই চেকবহীৰ বাবে গ্ৰাহকসকলে আবেদন কৰিব পাৰিব। ইয়াৰ উপৰি বেঙ্কৰ শাখালৈ গৈও চেকবহীৰ বাবে আবেদন কৰিব পাৰিব। যিকোনো সহায়ৰ বাবে ১৮০০-১৮০-২২২২ এই টোল-ফ্রী নম্বৰত গ্রাহকসকলে ফোন কৰিব পাৰে। যদি নতুন চেকবহী ব্যৱহাৰ নকৰে, তেনেহ’লে লেনদেনৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলিও পিএনবিয়ে জনাইছে। উল্লেখ্য, ২০২০ৰ এপ্রিলত পিএনবিৰ সৈতে একত্ৰিত হৈছে ওবিচি আৰু ইউবিআই।
লগতে এলাহাবাদ বেঙ্কেও জনাইছে যে ১ অক্টোবৰৰ পৰা পুৰণি চেকবহী আৰু গ্রহণযোগ্য নহ’ব।












