![]()
নিউজ ডেস্কঃ
নর্দার্ন এলায়েন্স (উত্তৰ জোঁট)ৰ অন্যতম নেতা আহমেদ মাচুদৰ অস্ত্রাগাৰো দখল কৰিলে তালিবান বাহিনীয়ে। প্রমাণ হিচাবে ছচিয়েল মিডিয়াত এটি ভিডিঅ’ও প্রকাশ কৰা হৈছে। উক্ত ভিডিঅ’টো টুইটাৰত পোষ্ট কৰিছে ‘বোল নেটৱর্ক’ নামৰ এক সংবাদ মাধ্যমৰ সাংবাদিক গুলাম আব্বাচ শ্বাহে।
যোৱা সোমবাৰে তালিবানে দাবী কৰিছিল যে পঞ্জশিৰ উপত্যকা এতিয়া তেওঁলোকৰেই দখলত। কেৱল সেয়াই নহয়, উপত্যকাটোত থকা মাচুদৰ ঘৰো দখল কৰিছে তেওঁলোকে। এই দাবীৰ সপক্ষে প্রকাশ কৰা ছবি আৰু ভিডিঅ’ত দেখা যায় যে মাচুদৰ ঘৰৰ সন্মুখত উপস্থিত হৈ আছে তালিব যোদ্ধাসকল। বিভিন্ন আন্তর্জাতিক সংবাদ মাধ্যমত দাবী কৰা হৈছে যে তালিবানৰ সৈতে যুদ্ধত নিহত হৈছে মাচুদৰ আত্মীয় আমিৰ চাহিব আহমেদ মাচুদ আৰু উত্তৰ জোঁটৰ অন্যতম কমাণ্ডাৰ চাহিব আব্দুল ৱাদুদ জোহৰ, মাচুদৰ সহযোগী ফাহিম দাস্তিও।












