![]()
নিউজ ডেস্কঃ
কৰোনাৰ বাবে আৰম্ভ হৈছিল ‘ৱর্ক ফ্রম হ’ম’। পৰিস্থিতি বিচাৰ কৰি সকলোতে বিপুল জনপ্রিয়তা পাইছে ৱর্ক ফ্রম হ’ম। কিন্তু এই ৱর্ক ফ্রম হ’মৰ কাৰণেই এতিয়া সংসাৰ ভঙাৰ অৱস্থা !
হয়। এনে আজৱ কাণ্ডই ঘটিছে উদ্যোগপতি হর্ষ গোৱেঙ্কাৰ কাৰ্যালয়ত। উদ্যোগপতিগৰাকীয়ে এই দাবী কৰিছে।
সম্প্রতি এখন পত্ৰৰ বক্তব্য টুইটাৰত শ্বেয়াৰ কৰিছে উদ্যোগপতিগৰাকীয়ে। হর্ষ গোৱেংকাৰ উদ্দেশ্য পত্ৰখন পঠাইছে গোৱেঙ্কাৰ কোম্পানীৰ মনোজ নামৰ এজন কর্মচাৰীৰ পত্নীয়ে। পত্ৰত তেওঁ লিখিছে, তেওঁৰ স্বামীক যেন অতিশীঘ্ৰেই অফিচৰ পৰা কাম কৰাৰ নির্দেশ দিয়া হয়। কিন্তু তেওঁৰ কি সমস্যা?
মনোজৰ পত্নীয়ে লিখিছে, স্বামীয়ে ঘৰত অফিচৰ কাম কৰিবলৈ বহিলে তেওঁক দহ কাপমান কফি যোগান ধৰিবলগা হয়। এবাৰ এটা কোঠাত আকৌ আন এটা কোঠাত বহি কাম কৰে তেওঁৰ স্বামীয়ে। কাম শেষ হোৱাৰ পিছত দেখা যায় কোঠাৰ অৱস্থা লণ্ডভণ্ড। স্বামীয়ে সকলো সময়তে খায়ে থাকে। আনকি কামৰ সময়ত স্বামীয়ে টোপনি যোৱাও দেখিছে বুলি পত্ৰত উল্লেখ কৰিছে জনৈক মনোজৰ পত্নীয়ে। নিজৰ দুই সন্তানক চোৱা-চিতাৰ পিছত স্বামীৰ এই কাৰ্য সহ্য কৰিবলৈ কষ্ট হৈছে তেওঁৰ। সেয়ে স্বামীক যেন যিমান সম্ভৱ সোনকালে অফিচত গৈ কাম কৰাৰ নির্দেশ দিয়া হয়। নহ’লে হয়তো তেওঁলোকৰ সংসাৰেই ভাঙি যাব। স্বামীয়ে কৰোনা টীকাৰ দুটি পালিও লোৱা বুলি উল্লেখ কৰিছে মহিলাগৰাকীয়ে।
এই পত্ৰ টুইটাৰত শ্বেয়াৰ কৰি উদ্যোগপতি হর্ষ গোৱেংকাই লিখিছে, ‘মই তেওঁক কি উত্তৰ দিম ভাবি পোৱা নাই।’
টুইটটো দেখি এতিয়া হাস্য ৰসৰ সৃষ্টি হৈছে নেট মাধ্যমত।












