![]()
নিউজ ডেস্কঃ
দিল্লীৰ নির্ভয়া-কাণ্ডৰ যেন পুনৰাবৃত্তি এইবাৰ মুম্বাইত। এগৰাকী মহিলাক ধর্ষণৰ পিছত তেওঁৰ যৌনাঙ্গত লোৰ ৰড সুমুৱাই দিয়াৰ অভিযোগ উঠিছে। সঙ্কটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰি হস্পিটেলত ভর্তি কৰোৱা হৈছে। মুম্বাইৰ চাকি নাকা এলেকাত সংঘটিত হৈছে ঘটনাটো। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত জড়িতৰ সন্দেহত এজন ব্যক্তিক গ্রেপ্তাৰ কৰা হৈছে। অৱশ্যে আৰক্ষীৰ ধাৰণা উক্ত ঘটনাৰ সৈতে আৰু কেইবাজনো জড়িত থাকিব পাৰে।
মুম্বাইৰ উপ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে ঘটনাস্থলীলৈ গৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ধৃতকক জেৰা কৰি এই ঘটনাৰ সৈতে আৰু কোনোবা জড়িত আছে নেকি তাক জানিবৰ চেষ্টা কৰা হৈছে। এই ঘটনাৰ পিছত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযুক্তক কঠোৰ শাস্তিৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে স্থানীয় লোকসকলে।
আৰক্ষী সূত্ৰ মতে, শুক্রবাৰে পুৱতি নিশা তেওঁলোকৰ নিয়ন্ত্ৰণ কক্ষলৈ খবৰ আহে যে চাকি নাকা এলেকাত এগৰাকী মহিলা ৰক্তাক্ত অৱস্থাত অচেতন হৈ পৰি আছে। খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটি দল। সঙ্কটজনক অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰি ঘাটকোপাৰৰ এখন ব্যক্তিগত হস্পিটেলত তেওঁক ভর্তি কৰোৱা হয়।
উল্লেখ্য, ২০১২-ত দিল্লীৰ নির্ভয়া-কাণ্ডত তোলপাৰ লাগিছিল সমগ্ৰ দেশ। সেই বছৰ ১৬ ডিচেম্বৰৰ নিশা দিল্লীৰ ২৩ বছৰীয়া পেৰা মেডিকেলৰ এগৰাকী ছাত্রীক চলন্ত বাছত গণধর্ষণ কৰি ৰাস্তাত পেলাই দিয়ে ৬ দুষ্কৃতিকাৰীয়ে। উক্ত ঘটনাত অভিযুক্ত ৬ জনৰ ভিতৰত এজন নাবালক বাবে ৩ বছৰ পিছত তেওঁ ৰেহাই পায়। আৰু এজন অভিযুক্ত ৰাম সিঙে জেলৰ ভিতৰতেই আত্মহত্যা কৰে। বাকী ৪ আচামী অক্ষয় ঠাকুৰ, পৱন গুপ্ত, বিনয় শর্মা আৰু মুকেশ সিঙৰ ফাঁচি হয়।












