![]()
নিউজ ডেস্কঃ
হয় টীকা লওক, নহ’লে ঘৰতে থাকক— চৰকাৰী কর্মচাৰাসকলক এই কঠোৰ ভাষাত সাৱধানবাণী শুনালে পঞ্জাব চৰকাৰে। নতুন এক নির্দেশনাত কোৱা হৈছে, যিসকল চৰকাৰী কর্মচাৰীয়ে এতিয়াও কৰোনাৰ প্রথম টীকা লোৱা নাই, তেওঁলোকে অহা বুধবাৰৰ পৰা কামলৈ আহিব নোৱাৰিব। শুক্রবাৰে পঞ্জাবৰ মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছে, প্রথম টীকা নোলোৱা পর্যন্ত এইসকল চৰকাৰী কর্মচাৰীক বাধ্যতামূলক ছুটীত পঠোৱা হ’ব।
পঞ্জাবত কৰোনা পৰিস্থিতি সংক্রান্তীয় এক উচ্চপর্যায়ৰ পর্যালোচনা বৈঠকৰ আহ্বান জনাইছিল মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে। শুক্রবাৰে তাত তেওঁক তাঁকে জনোৱা হয় যে চৰকাৰী স্কুলৰ শিক্ষক আৰু কর্মচাৰীসকলৰ প্রত্যেকৰে প্রথম টীকা লোৱা হ’লেও চৰকাৰী বিভাগৰ কর্মচাৰীসকলৰ কোনো কোনোৱে এতিয়াও টীকা ল’বলৈ দ্বিধাবোধ কৰি আছে। আনকি বহুতেই এতিয়াও প্রথম টীকাও লোৱা নাই। এই ৰিপোর্ট জনাৰ পিছতেই উক্ত সিদ্ধান্ত লয় অমৰিন্দৰ সিঙে।
পঞ্জাব চৰকাৰে শুক্রবাৰে এই সন্দৰ্ভত এক নির্দেশনা জাৰি কৰিছে। তাত চৰকাৰী কর্মচাৰীসকলৰ লগতে শিক্ষক আৰু শিক্ষাকর্মীসকলৰ প্রতিও বহু কেইটা নির্দেশ দিয়া হৈছে।












