![]()
নিউজ ডেস্কঃ
দিল্লীত হোৱা ৰেকর্ড বৰষুণৰ ফলত ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত পানী সোমায়। বিমানবন্দৰৰ বহু এলেকা জলমগ্ন হৈ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে, ৪৬ বছৰত ৰেকর্ড বার্ষিক বৰষুণ হৈছে দিল্লীত। আগন্তুক দিনতো অতিপাত বৃষ্টিপাত হ’ব পাৰে। তাৰ বাবে সতর্কতা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
বেয়া বতৰৰ বাবে ইতিমধ্যে বাতিল কৰা হৈছে বহুকেইখন বিমান।
সংবাদ সংস্থা পিটিআইয়ে জনোৱা মতে, দিল্লীত গড় বৃষ্টিপাতৰ পৰিমাণ ৬৪৮.৯ মিলিমিটাৰ। ইয়াৰ আগতে ১৯৭৫ চনত দিল্লীত ১১৫০ মিলিমিটাৰ বৃষ্টিপাত হৈছিল। চলিত বছৰত ইতিমধ্যে ১১০০ মিলিমিটাৰৰ বেছি বৃষ্টিপাত হৈছে ৰাজধানীত।












