![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগ। ৰাজ্যপালৰ হাতত তেওঁ দাখিল কৰে পদত্যাগ পত্ৰ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহৰাজ্য গুজৰাটৰ মুখ্যমন্ত্ৰীৰ হঠাৎ পদত্যাগে দেশৰ ৰাজনীতি ব্যাপক চৰ্চা লাভ কৰিছে। মোডীৰ গৃহৰাজ্যৰ পৰাই ভাৰতীয় জনতা পাৰ্টি ধ্বংসৰ ইংগিত নেকি বুলিও একাংশই প্ৰশ্ন কৰিছে।
তাপৰ্যপূৰ্ণ যে গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আঠটা মাহ বাকী থকা অৱস্থাত আজি আশ্চৰ্য্যজনকভাৱে ৰাজ্যপালৰ হাতত নিজ পদত্যাগ পত্ৰ দাখিল কৰে মুখ্যমন্ত্ৰী ৰূপানিয়ে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যৰ খবৰ অনুসৰি- একাংশ বিজেপি কর্মী ৰূপানিৰ শাসনত সন্তুষ্ট নাছিল। যাৰ বাবে তেওঁ পদত্যাগ কৰিছে।
আনহাতে, পদত্যাগ পত্ৰ প্ৰদান কৰি তেওঁ কয়- গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰাৰ সুযোগ দিয়াৰ বাবে বিজেপিক ধন্যবাদ জনাব বিচাৰো। মোৰ কাৰ্যকালত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰাৰ সুযোগ পাইছিলো। কিন্তু গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাত্ৰ ৮ মাহ বাকী থকাৰ অৱস্থাত মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগে গুজৰাট কিম্বা দেশৰ ৰাজনীতিত কি প্ৰভাৱ পেলাব আগন্তুক দিনত সেয়াহে হ’ব লক্ষ্যনীয়।












