![]()
নিউজ ডেস্কঃ
সোমবাৰে প্ৰকাশ পাইছে চিএ পৰীক্ষাৰ ফলাফল। উক্ত ফলাফলত অতি উত্তম প্ৰদৰ্শন কৰিছে দুই ভাতৃ-ভগ্নীয়ে৷ ভগ্নী হৈছে দেশৰ শীৰ্ষ আৰু ভাতৃৰ ৰেঙ্ক ১৮। এই ফলাফলে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আগৰৱালা পৰিয়ালে।
টপাৰ নন্দিনী আগৰৱালৰ বয়স ১৯। ককায়েক শচীন আগৰৱাল ২১ বছৰীয়া। দুই ভাতৃ-ভগ্নীয়ে মধ্যপ্রদেশৰ মোৰেনা জিলাৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। শীৰ্ষ স্থানপ্ৰাপ্ত নন্দিনীয়ে কয়, ‘স্কুল পৰ্যায়ৰ পৰাই দাদাৰ সৈতে মই একেলগে পঢ়া-শুনা কৰি আহিছো। আপিচিচি আৰু চিএ ফাইনেলৰ বাবেও একেলগে প্রস্তুতি চলাইছিলো৷ মই ৮০০ৰ ভিতৰত ৬১৪ নম্বৰ লাভ কৰিছো।’ বৰ্তমান ভাতৃ-ভগ্নীৰ এই ফলাফলত দেশজুৰি চৰ্চা চলিছে, লগতে প্রশংসা বুটলিছে।












