![]()
নিউজ ডেস্কঃ
কিছুদিন পূৰ্বে কংগ্রেছ এৰি তৃণমূলত যোগ দিয়া সুস্মিতা দেৱক ৰাজ্যসভালৈ মনোনীত কৰিলে তৃণমূলে। টুইটাৰত দলৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে। উল্লেখ্য, ৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন আছে।
টুইটাৰত তৃণমূলে লিখিছে, ‘মহিলাসকলক শক্তিশালী কৰি তোলা আৰু ৰাজনীতিত মহিলাসকলৰ অংশগ্রহণ নিশ্চিত কৰাই মমতা বেনার্জীৰ লক্ষ্য, যিয়ে আমাৰ সমাজক অধিক কিবা অর্জনত সহায় কৰিব।’ এই প্রসঙ্গত সুস্মিতা জনায়, ‘আদর্শ লৈ সংসদত সোচ্চাৰ হোৱাই মোৰ লক্ষ্য হ’ব। দিদিক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।’
উল্লেখ্য, সুস্মিতাৰ পিতৃ বিশিষ্ট কংগ্রেছ নেতা সন্তোষ মোহন দেৱ ত্রিপুৰাৰ পৰাই কংগ্রেছৰ সাংসদ আছিল। সেয়ে ত্রিপুৰাৰ সৈতে দীর্ঘদিনীয়া যোগাযোগ আছে শিলচৰৰ এইগৰাকী নেত্রীৰ। বিশেষজ্ঞসকলৰ অনুমান, ত্রিপুৰাত বিজেপিক পৰাস্ত কৰিবলৈ তেওঁকেই হাতিয়াৰ কৰিছে মমতা আৰু অভিষেকে। অসমতো সংগঠন বৃদ্ধিত তৃণমূলৰ ভৰসা সুস্মিতা দেৱ।












