নিউজ ডেস্কঃ
জলবায়ুৰ পৰিবর্তনৰ ফলত বাঢ়িছে প্রাকৃতিক দুর্যোগ। বিগত তিনি বছৰত দেশত বৰষুণ, ঘূৰ্ণী, বানৰ দৰে প্রাকৃতি দুর্যোগত মৃত্যু হৈছে ৬,৮১১ জন। তাৰ ভিতৰত সকলোতকৈ বেছি মৃত্যু হৈছে পশ্চিমবঙ্গত।
যোৱা আগষ্টত লোকসভাত এই পৰিসংখ্যা দাঙি ধৰা হৈছে। ২০১৮ চনৰ এপ্রিলৰ পৰা ২০২১ চনৰ মার্চ পর্যন্ত প্রাকৃতিক দুর্যোগত মৃত্যুৰ পৰিসংখ্যা দিয়া হৈছে। তাত দেখা গৈছে, এই তিনি বছৰত পশ্চিমবঙ্গত দুর্যোগত মৃত্যু হৈছে ৯৬৪ জনৰ। তাৰ পিছতেই থকা মধ্যপ্রদেশত মৃত্যু হৈছে ৯১৭ জনৰ। মধ্যপ্রদেশত কেৱল ২০১৯–২০ চনতেই মৃত্যু হৈছে ৬৭৪ জনৰ। তৃতীয় স্থানত থকা কেৰালাত তিনি বছৰত মৃত্যু হৈছে ৭০৮ জন।
কেন্দ্রৰ পৰিসংখ্যাই কৈছে, ২০১৬ চনত ভাৰতীয় উপকূলত চাৰিটা ঘূৰ্ণী বতাহ হৈছিল। তাৰ ভিতৰত এটি তীব্র। ২০২০ চনত ভাৰতীয় উপকূলত পাঁচটা তীব্র ঘূৰ্ণী হৈছে। ২০১৬ চনত দেশৰ ১,৮৬৪টা স্থানত অতিপাত বৃষ্টিপাত হৈছিল। ২০২০ চনত ১,৯১২টা স্থানত প্ৰবল বৰষুণ হৈছে।
এইবছৰ ১ জুনৰ পৰা ১ আগষ্টত দুর্যোগত ৬৮০ জনৰ মৃত্যু হৈছে। তাৰ ভিতৰত ৭৫ জনৰ মৃত্যু হৈছে পশ্চিমবঙ্গত। এই বছৰ মে’ মাহত ঘূৰ্ণী বতাহ যশত পশ্চিমবঙ্গ আৰু ওড়িশাত মৃত্যু হৈছে ১৪ জন। ২০২০ চনত আম্ফানত বংগত মৃত্যু হৈছে ৯৮ জন। ২০১৯ চনৰ নৱেম্বৰত বুলবুল, ২০২০ চনৰ মে’ মাহত আম্ফান আৰু ২০২১ চনৰ মে’ মাহত যশত পশ্চিমবঙ্গত মৃত্যু হৈছে মুঠ ১৫৩ জনৰ।