![]()
নিউজ ডেস্কঃ
বাইক আৰোহীয়ে হেলমেট নিপিন্ধিলে ট্রেফিক পুলিচে জৰিমনা বিহিব পাৰে। কিন্তু কেতিয়াবা শুনিছেনে যে চাৰি চকীয়া গাড়ী চলোৱাৰ সময়ত চালকে হেলমেট নিপিন্ধাৰ বাবে কেতিয়াবা জৰিমনা ভৰিছে?
ঘটনাটি আন ক’ৰো নহয়, আমাৰ দেশৰে৷ হেলমেট পিন্ধি গাড়ী নচলোৱাৰ বাবে জৰিমনা বিহা হৈছে এজন চালকক। ঘটনাস্থলী পাটনাৰ। জানিব পৰা মতে, যোৱা শুক্রবাৰে পটনা হাইকোর্টলৈ গৈছিল অধিবক্তা প্রকাশচন্দ্র আগৰৱাল। সেই সময়ত কঙ্কৰবাগৰ ওচৰত তেওঁৰ গাড়ী ৰখায় কর্তব্যৰত এজন ট্রেফিক পুলিচে। গাড়ীৰ কাগজ-পত্র চাবলৈ বিচাৰে তেওঁ। অধিবক্তাজনৰ চালকে গাড়ীৰ কাগজ-পত্র দেখুৱায়। গাড়ীৰ কাগজ-পত্র সকলো ঠিকেই আছিল। কিন্তু তাৰ পিছতো অধিবক্তাজনক হাজাৰ টকা জৰিমনা দিবলৈ কয় ট্রেফিক পুলিচজনে।
গাড়ীৰ কাগজ-পত্র ঠিকে আছিল, ট্রেফিক ছিগনেলো অমান্য কৰা নাই, কিন্তু তাৰ পিছতো কিয় এই জৰিমনা? জৰিমনাৰ ৰচিদ হাতত লৈ হতভম্ব হয় অধিবক্তাজন। তাত লিখা আছিল বিনা হেলমেটে গাড়ী চলোৱাৰ বাবে জৰিমনা বিহা হৈছে। বিষয়টো সন্দৰ্ভত ট্রেফিকৰ ঊর্ধ্বতন কর্তৃপক্ষক জনায় অধিবক্তাজনে। পৰিবহণৰ কোন নিয়মত গাড়ী চলাওঁতে হেলমেট পিন্ধিব লাগে বুলি লিখা আছে তাৰ প্রশ্ন তুলি অভিযোগ দাখিল কৰে। আৰক্ষীয়ে অৱশ্যে এই বিষয়ত মুখ খোলা নাই।












