![]()
নিউজ ডেস্কঃ
ফুচকা খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰিল মুৰ্শিদাবাদৰ সীতানগৰৰ ১৫০ জন লোক। আটাইকেইজনে বৰ্তমান হস্পিটেলত ভর্তি।
স্থানীয় সূত্র মতে, যোৱা সোমবাৰে বিয়লি ইছলামপুৰৰ এজন ফুচকা বিক্রেতাৰ পৰা ফুচকা খাইছিল গাঁওখনৰ কেইবাজনো লোকে। তাত আছিল শিশুও। তাৰ পিছত সিদিনাখন নিশাৰ পৰাই অসুস্থ হব’লৈ আৰম্ভ কৰে ইজনৰ পিছত সিজনকৈ লোক। আৰম্ভ হয় জ্বৰ, বমি আৰু পায়খানা। ততাতৈয়াকৈ তেওঁলোকক হস্পিটেলত ভর্তি কৰোৱা হয়।
কিন্তু উক্ত ঘটনাৰ পিছৰ পৰাই বিচাৰি পোৱা হোৱা নাই ফুচকা বিক্রেতাজনক। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ফুচকাত বিষাক্ত কিবা মিহলোৱা আছিল নেকি, সেই বিষয়েও জানিব পৰা হোৱা নাই।












