![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দেশৰ ১৯খন বৃহৎ চহৰৰ ভিতৰত সকলোতকৈ নিৰাপদ চহৰ কলকাতা। এইখন চহৰতেই অপৰাধৰ হাৰ সকলোতকৈ কম। মঙ্গলবাৰে এই ৰিপোর্ট প্রকাশ কৰিছে নেচনেল ক্রাইম ৰেকর্ড ব্যুৰোই (এনচিআৰবি)। কেৱল সেয়াই নহয়, ৰিপোর্ট মতে, দেশৰ অন্যান্য বহু চহৰত য’ত ২০১৮ চনৰ পৰা ২০২০ পর্যন্ত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে, তেনে ক্ষেত্ৰত কলকাতাত অপৰাধৰ সংখ্যা বহু কমিছে।
ৰিপোর্টত উল্লেখ থকা মতে, ২০২০ চনত প্রতি লাখত কলকাতাত মুঠ অপৰাধৰ হাৰ ১২৯.৫। যিটো সকলোতকৈ কম। আনহাতে ৰাজধানী দিল্লীত এই অপৰাধৰ হাৰ ১৬০৮.৬, যিটো সর্বাধিক। চেন্নাইত ১৯৩৭.১, আহমেদাবাদত ১৩০০, চুৰাটত ১৩০০, মুম্বাইত ৩১৮.৬। আনহাতে, ভাৰতীয় দণ্ডবিধিৰ হিচাবত ২০২০ চনত কলকাতাত অপৰাধৰ হাৰ ১০৯.৯। সেই হিচাবত দিল্লীত অপৰাধৰ হাৰ ১৫০৬.৯, চেন্নাইত ১০১৬.৪, মুম্বাইত ২৭২.৪, লক্ষ্ণৌত ৫০০.৩, চুৰাটত ৭৩৭.৭, আহমেদাবাদত ৯৬৬.৫।
ইফালে ক্রমাগতভাৱে কলকাতাত কমিছে অপৰাধৰ সংখ্যা। জানিব পৰা মতে, ২০১৮ চনত কলকাতাত অপৰাধৰ সংখ্যা আছিল ১৯ হাজাৰ ৬৮২। ২০১৯ চনত সেয়া কমি হয় ১৭ হাজাৰ ৩২৪ আৰু ২০২০ত ১৫ হাজাৰ ৫১৭। চুৰি বা ডকাইতিৰ সংখ্যাও অন্যান্য চহৰতকৈ কলকাতাত বহুখিনি কম।












