![]()
নিউজ ডেস্কঃ
বেংকৰ দৰে অহা অক্টোবৰ মাহৰ পৰা ডাকঘৰৰ এটিএম (ডেবিট কাৰ্ড) কাৰ্ডৰ বিভিন্ন সেৱাৰ বাবে দিব লাগিব মাচুল৷ বৰ্তমান এই সেৱা বিনামূলীয়া৷
কেন্দ্রীয় ডাক বিভাগৰ নিৰ্দেশ অনুযায়ী, অক্টোবৰৰ পৰা গ্রাহকে এটিএম কার্ডৰ বার্ষিক মাচুল দিব লাগিব জিএছটি বাদে ১২৫ টকা। এছএমএছৰ খৰচ বছৰত ১২ টকা (জিএছটিসহ)। অহা বছৰ ২০ ছেপ্টেম্বৰলৈ এই মাচুল ধার্য কৰা হ’ব। যিটো কটা হ’ব ২০ ছেপ্টেম্বৰৰ পিছত। ডেবিট কার্ড হেৰালে নতুন কার্ড পাবলৈ দিব লাগিব ৩০০ টকা (জিএছটি বাদ দি)। ডাকঘৰৰ শাখাৰ জৰিয়তে নতুন পিন সৃষ্টি কৰিবলৈ খৰচ পৰিব ৫০ টকা (জিএছটি বাদ দি)। গ্রাহকৰ একাউন্টত পর্যাপ্ত ধন নাথাকিলে বা এটিএমৰ লেনদেনত গ্রাহকৰ তৰফৰ পৰা ত্রুটি হ’লে ২০ টকা (জিএছটি বাদ দি) মাচুল কটা হ’ব।
আনহাতে, ডাকঘৰৰ নিজস্ব এটিএমত বিনামূল্যে পাঁচটা লেনদেনৰ পিছত প্রতিটোৰ বাবে ১০ টকা (জিএছটি বাদ দি) দিব লাগিব। অন্য এটিএমত বিনামূল্যে ধন উলিওৱাৰ সুযোগ তিনিটা (মেট্রো) আৰু পাঁচটা (অন্য চহৰত)কৈ। ইয়াৰ বেছি হ’লেই ২০ টকাকৈ (জিএছটি বাদ দি) মাচুল।












