![]()
বিয়াৰ পিছত স্বামীৰ চৰণ চুই সেৱা কৰে নকইনাই। এয়াই আমাৰ সমাজত প্ৰচলিত প্রথা। কিন্তু এই প্রথাৰেই একেবাৰে ওলোটা ঘটনাৰ ভিডিও সম্প্রতি ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
পীষূষ নামৰ এজন ব্যক্তিয়ে নিজৰ ইনষ্টাগ্রাম একাউন্টৰ পৰা সম্প্রতি আপলোড কৰিছে উক্ত ভিডিও। যিটোৰ ইতিমধ্যেই ভিউ হৈছে ৪০ লক্ষৰো বেছি। লাইক পাইছে ২০ লাখৰো অধিক।
ভিডিওটোত দেখা গৈছে সদ্য বিবাহিত দম্পতিক। প্রথা অনুযায়ী নকইনাই স্বামীক সেৱা কৰিবলৈ মূপৰ তল কৰে। কিন্তু সেই সেৱা গ্ৰহণ নকৰে স্বামীয়ে। তাৰ পিছত তেওঁ নিজেই সেৱা কৰিবলৈ আগবাঢ়ে নকইনাক। নকইনাই চক খাই পিছুৱাই যায়। কিন্তু তেতিয়ালৈকে সেৱা পৰ্ব সমাপন হয়৷
এই ঘটনাৰ ভিডিওত সন্তুষ্ট নেটিজেনসকল। সোঁতৰ বিপৰীতে গৈ ব্যক্তিজনে যি কাম কৰিলে তাৰ প্রশংসা কৰিছে নেটিজেনসকলে। নৱদম্পতিক আশীর্বাদো কৰিছে তেওঁলোকে।












