![]()
নিউজ ডেস্কঃ
দেশৰ দৈনিক সংক্রমণ বৃহস্পতিবাৰৰ তুলনাত প্রায় ৪ হাজাৰ বাঢ়িল। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ৩৪ হাজাৰ ৪০৩ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৩৩ লক্ষ ৮১ হাজাৰ ৭২৮।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৩২০ জনৰ। এতিয়ালৈকে মুঠ প্ৰাণ হেৰুৱালে ৪ লক্ষ ৪৪ হাজাৰ ২৪৮ জনে। বিগত ২৪ ঘণ্টাত সক্রিয় ৰোগীৰ সংখ্যা কমিছে ৩ হাজাৰ ৮৬৭। বৰ্তমান দেশত সক্রিয় ৰোগী আছে ৩ লক্ষ ৩৯ হাজাৰ ৫৬ জন। দেশৰ ভিতৰত সকলোতকৈ বেছি সক্রিয় ৰোগী কেৰালাত আছে ১ লক্ষ ৮৬ হাজাৰ।
আক্রান্তৰ হিচাবতো কেৰালা শীর্ষত। তাৰ পিছত আছে মহাৰাষ্ট্র, তামিলনাডু, কর্নাটক, অন্ধ্রপ্রদেশ। পশ্চিমবঙ্গ, ওড়িশা, অসম, তেলেঙ্গানাৰ দৰে ৰাজ্যত আগৰ তুলনাত কম।












