![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ভাৰতীয় জনতা পাৰ্টীত মোক্ষম আঘাত, সদ্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্রিয়ৰ তৃণমূল কংগ্ৰেছত যোগদান। শনিবাৰে আনুষ্ঠানিকভাৱে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰে মোডী মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।
উল্লেখ যে চলিত বৰ্ষত মোডীমন্ত্ৰী সভাৰ সম্প্ৰসাৰণত বাবুল সুপ্ৰিয় নাম কৰ্তন হৈছিল। তাৰ পৰৱৰ্তী সময়ত ৩১ জুলাইত সামাজিক মাধ্যমত ৰাজনীতি পৰা আঁতৰি থাকিব বুলি ঘোষণা কৰিছিল বিজেপি নেতাগৰাকীয়ে।
নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ পৰিৱেশ মন্ত্ৰী আছিল সুপ্ৰিয়ৰ। আনহাতে নেতাগৰাকী যোগদান সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব কুনাল ঘোখে কয়- বহুকেইজন বিজেপি নেতাৰে যোগাযোগ অব্যাহ আছে তৃণমূল কংগ্ৰেছ সৈতে। বিজেপিত তেওঁলোক সুখী নহয়। দেওবাৰে অন্য এগৰাকী বিজেপি নেতাই যোগদান কৰিব’।
উল্লেখ্য যে তৃণমূল কংগ্ৰেছত যোগদান কৰি সুখী হোৱা বুলি উল্লেখ্য কৰে সুপ্ৰিয়ই। সোমবাৰে দলৰ নেতৃত্ব তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰা কথা।
তাপৰ্যপূৰ্ণ যে বিধানসভাৰ নির্বাচনৰ পাছত তৃণমূল কংগ্ৰেছত যোগদান কৰা সুপ্ৰিয় পঞ্চম গৰাকী বিজেপি নেতা।












