![]()
নিউজ ডেস্কঃ
‘মই অতীতলৈ ঘূৰি গৈ আৰম্ভণিটো সলাব নোৱাৰো। কিন্তু নতুন শেষ সৃষ্টি কৰিব পাৰিম ভবিষ্যতে।’ শনিবাৰে পুৱা এনে বার্তা দিলে অভিনেত্রী শিল্পা শেট্টিয়ে। ‘সমাপ্তি’ৰ কথা ক’লে ৰাজ কুন্দ্রাৰ পত্নী শিল্পাই। তাৰ উপৰি জীৱনৰ ভুল সম্পৰ্কেও বার্তা দিলে তেওঁ। পর্ন-কাণ্ডত ৰাজৰ কাৰাবাসৰ মাজতেই এই বার্তা কিয় দিলে শিল্পাই? ‘ভুল শুধৰোৱা’ৰ কথা কৈ তেওঁৰ স্বামীৰ সৈতে বিচ্ছেদৰ কথা ভাবিছে নেকি তেওঁ?
শিল্পাই তেওঁৰ ইনষ্টাগ্রাম ষ্টৰিত এখন কিতাপৰ এটি প্রচ্ছদৰ ছবি পোষ্ট কৰিছে। যাৰ শিৰোনাম, ‘নতুন সমাপ্তি’। তাত ইংৰাজীত লিখিছে, ‘মই হয়তো বহি বহি অতীতৰ কথা ভাবি সময় নষ্ট কৰিব পাৰো। কি কি ভুল কৰিছো, কি কি ভুল সিদ্ধান্ত লৈছো, কাক কষ্ট দিছো, এইবোৰক লৈ চিন্তা কৰিব পাৰি, কিন্তু অতীতলৈ ঘূৰি গৈ সেইবোৰ সলনি কৰিব নোৱাৰি। কিন্তু মই সন্মুখলৈ আগুৱাই যাব পাৰো। সঠিক সিদ্ধান্ত ল’ব পাৰো। পুৰণি ভুলক এৰাই যাব পাৰি। ওচৰৰ মানুহৰ সৈতে ভালদৰে থাকিব পাৰো। অতীত যি কৰিছো, তাৰ ভিত্তিত নিজৰ পৰিচয় গঢ়াৰ প্ৰয়োজন নাই। নিজৰ ভবিষ্যত নতুনকৈ গঢ়িব পাৰি।’












