![]()
নিউজ ডেস্কঃ
কৌতুহল থকাটো ভাল যদিও এনে কিছু বিষয়ত কৌতুহল ভাল নহয় যিয়ে বিপদ মাতিব পাৰে! তেনে এক কৌতুহলে এজন কিশোৰৰ জীৱনক বিপদসঙ্কুল কৰি তুলিলে।
ইউৰ’লজি কেছ ৰিপোর্টছ জাৰ্নেলত প্রকাশিত এক ৰিপোর্ট অনুযায়ী, ১৫ বছৰীয়া এজন কিশোৰৰ কৌতুহল হয় তেওঁৰ যৌনাঙ্গ কিমান ডাঙৰ সেই বিষয়ত। আৰু সেয়া জুখিবলৈয়ে এনে অদ্ভুত কাণ্ড কৰে যিয়ে তেওঁৰ জীৱনলৈয়ে শংকা নমাই আনে। চিকিৎসকসকলো বিপাঙত পৰি যায়। ঘটনাটি লণ্ডনৰ।
ৰিপোর্টত উল্লেখ কৰা মতে, কিশোৰজনে মূত্রনলীৰে ইউএছবি কেব’ল সুমুৱাই দিয়ে যৌনাঙ্গত। কিন্তু সেইডাল ভিতৰলৈ গৈ আবদ্ধ হৈ পৰে। টনা-আঁজোৰাত ৰক্তক্ষৰণ হ’বলৈ ধৰে। তাৰ পিছতেই তেওঁক লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজ হস্পিটেললৈ লৈ যোৱা হয়। এই ঘটনাত চিকিৎসকসকলো হতবাক হৈ যায়।
চিকিৎসকে প্রথমতে সেইডাল বাহিৰ কৰাৰ চেষ্টা কৰে যদিও পৰিস্থিতি এনে জটিল অৱস্থালৈ যায় যে যিকোনো মুহূর্ততে উক্ত সংবেদনশীল স্থান ক্ষতিগ্রস্ত হ’ব পাৰে। সূক্ষ্ম টিছু ছিঙি যোৱাৰ প্রবল সম্ভাৱনাই দেখা দিছিল। চিকিৎসকে বিশেষ এক্সৰে কৰি মূত্রনলীৰ ভিতৰত কেব’লডালৰ অৱস্থান পৰীক্ষা কৰে। তাৰ পিছত জটিল অস্ত্রোপচাৰ কৰি সেইডাল উলিয়াই আনে। কিশোৰজনক দুসপ্তাহ পর্যবেক্ষণত ৰখা হয়। তাৰ পিছত তেওঁক হস্পিটেলৰ পৰা যাবলৈ দিয়া হয়।












