![]()
নিউজ ডেস্কঃ
কলকাতাৰ ‘মা’ ফ্লাইঅভাৰৰ ছবি ব্যৱহাৰ কৰি বিতর্কত জড়িত হৈ পৰিছিল উত্তৰ প্রদেশৰ যোগী প্রশাসন। এইবাৰ ভিডিও বিতর্ক৷ তাকো এনে ভিডিও যাৰ সৈতে প্ৰত্যক্ষভাৱে সম্পর্ক আছে স্বয়ং নৰেন্দ্র মোদীৰ। দেশৰ উন্নতি দেখুৱাবলৈ লছ এঞ্জেলছৰ ছবি ব্যৱহাৰক লৈ ছচিয়েল মিডিয়াত তুমুল বিতৰ্ক চলিছে।
শুকুৰবাৰে আছিল প্রধানমন্ত্রীৰ ৭১তম জন্মদিন। তেওঁক সন্মান জনাবলৈ আৰু তেওঁৰ সাফল্যৰ গুণগান গাবলৈ বিজেপিয়ে টুইটাৰত এটি ভিডিও প্রকাশ কৰে।
শিক্ষা, কর্মসংস্থাপন, স্বাস্থ্য, নাৰী উন্নয়ন, ৰাস্তা-ঘাট, আন্তঃগাঁথনি আদি বিবিধ ক্ষেত্রত ইতিমধ্যে মোদীয়ে কি কি অৱদান দিছে সেয়া দাঙি ধৰা হয় ভিডিওটোত। কার্যত তেওঁক ভাৰতৰ সংস্কাৰক আখ্যা দিছে দলৰ তৰফৰ পৰা। ইমানলৈকে ঠিকে আছিল। কিন্তু ভিডিওটোৰ শেষৰ ফালে একৈশ শতিকাত ভাৰতৰ ভিজনক আগবঢ়াই লৈ যোৱাৰ কাণ্ডাৰী মোদী বোলাৰ লগে লগেই বহুমহলীয়া অট্টালিকাৰে ভর্তি এখন অত্যাধুনিক চহৰৰ ছবি দেখুওৱা হয়। অভিযোগ, উক্ত ছবিখন লছ এঞ্জেলছৰ।
এই দাবী কৰিছে জনপ্রিয় ছবি এজেন্সি এলার্মিৰে। গুগল ছার্চত যিকোনো বিষয়ৰ ওপৰত ছবিৰ সন্ধান কৰিলেই এলার্মিৰ ‘ৱাটাৰমার্ক’ দিয়া ছবি চকুত পৰে। এনে এক বৃহৎ কোম্পানীৰ এই দাবীত এতিয়া স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে এই বিজিপিৰ পৰা সন্দৰ্ভত কোনো প্রতিক্রিয়া লাভ কৰা হোৱা নাই।












