![]()
নিউজ ডেস্কঃ
এখন অঙ্গবস্ত্র উপহাৰ পাইছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। কোনো ভক্তই দিয়া এই অংগবস্ত্ৰখনৰ সাধাৰণভাবে মূল্য ১০০ টকা। কিন্তু নিলামত সর্বনিম্ন মূল্য ৰখা হৈছিল ৫০০ টকা। নিলাম আৰম্ভ হয় মোদীৰ জন্মদিন ১৭ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত। লগে লগেই দাম বাঢ়িবলৈ আৰম্ভ কৰে। আৰু ২৭ ঘণ্টাৰ মূৰত শনিবাৰে দুপৰীয়া ১ বজাত উক্ত চাদৰখনৰ মূল্য উঠে ১ কোটি টকা।
গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকাৰ সময়ৰ পৰাই নিজে পোৱা উপহাৰ নিলামত বিক্রী কৰি আহিছে মোদীয়ে। এইবাৰ জন্মদিনৰ পৰা আৰম্ভ হৈছে উক্ত নিলাম। জানিব পৰা মতে, বিগত দুটা বছৰত দেশৰ বিভিন্ন প্রান্তলৈ যোৱাৰ সময়ত তেওঁ যিবোৰ উপহাৰ লাভ কৰিছিল তাৰ ভিতৰত নিৰ্বাচিত সামগ্রীৰ ভার্চুৱেল মাধ্যমত নিলাম হৈছে। ২০০১ চনৰ ৭ অক্টোবৰত প্রথম গুজৰাটৰ মুখ্যমন্ত্রী হিচাবে শপত লৈছিল তেওঁ। তাৰ ২০ বছৰ পূর্ণ হ’ব এইবাৰ। উক্ত দিন পর্যন্ত চলিব নিলাম।












