![]()
নিউজ ডেস্কঃ
এক টকাত ১০ কোটি! লটাৰী নহয়, এক নিলামত ভাৰতৰ এটি এক টকীয়া মুদ্ৰাৰ দাম উঠিছে ১০ কোটি টকা। ১৩৬ বছৰ পুৰণি এই মুদ্ৰাটি। আকাৰত বৰ্তমানৰ সাধাৰণ একটকীয়া মুদ্ৰাতকৈ কিছু ডাঙৰ। মুদ্রাটিৰ বিশেষত্ব হ’ল, ইয়াৰ এটা পিঠিত খোদিত আছে ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ ছবি। অন্য পিঠিত ইংৰাজীত লিখা আছে ‘One Rupee India 1885’।
ভাৰতত ব্রিটিছ শাসনকালত ১৮৮৫ চনত মুম্বাইত মুদ্ৰাটি তৈয়াৰ কৰা হৈছিল বুলি অনুমান। তাৰ ৯ বছৰ আগতেই ভাৰতীয় মুদ্রাত সামান্য পৰিবর্তন আহিছে। মুদ্ৰাত ৰাণী ভিক্টোৰিয়াৰ সলনি লিখা আৰম্ভ হৈছে সম্রাজ্ঞী ভিক্টোৰিয়া বা ‘ভিক্টোৰিয়া এমপ্রেছ’। নিলামত উঠা মুদ্ৰাটি উক্ত সময়চোৱাৰ।
পুৰণি মুদ্ৰা, নোট বা বিদেশী মুদ্রা সংগ্ৰহৰ চখ বহুতৰেই আছে। ইন্টাৰনেটৰ বিভিন্ন ছাইটত পুৰণি মুদ্রা কিনা-বেচাৰ সুযোগ থাকে। তেনে এক ৱেবছাইটত নিজৰ সংগ্রহৰ পৰা উক্ত মুদ্ৰাটিৰ ছবি পোষ্ট কৰিছিল এজন সংগ্রাহকে। মুদ্ৰাটি কিনাৰ বাবে ইয়াৰ পিছত খৰধৰ লাগি যায় সংগ্রাহকসকলৰ মাজত।
আপোনাৰ ওচৰতো এনে মুদ্ৰা আছে নেকি? যদি আছে কোটিপতি হোৱাৰ সুযোগ পাব পাৰে।












