![]()
নিউজ ডেস্কঃ
নিজৰ প্রিয় পোহনীয়া কুকুৰটিক লৈ ফুৰিবলৈ ওলাইছিল এজন লোক। কিন্তু কুকুৰটিৰ যাতে কোনো অসুবিধা নহয়, তাৰ বাবে বিমানখনৰ সম্পূৰ্ণ বিজনেছ ক্লাছটোৱেই বুক কৰিলে ব্যক্তিজনে। ঘটনাটি ঘটিছে বুধবাৰে পুৱা এয়াৰ ইণ্ডিয়াৰ 671 মুম্বাইৰ পৰা চেন্নাইগামী বিমানত। ২ ঘণ্টাৰ যাত্রাকালত বিজনেছ ক্লাছৰ সম্পূৰ্ণ কেবিনটো বুক কৰোতে ব্যক্তিজনৰ খৰচ হৈছে আঢ়ৈ লাখ টকাৰো অধিক। উল্লেখযোগ্য যে এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা চেন্নাইগামী উক্ত বিমানৰ এখন আসনৰ ভাড়া প্রায় ২০ হাজাৰ টকা। বিমানখনৰ জে ক্লাছৰ উক্ত কেবিনত ১২ খন আসন আছে। এই গোটেই কেইখন আসনেই বুক কৰে ব্যক্তিজনে।












