![]()
নিউজ ডেস্কঃ
ভিন্ন ধর্মৰ যুগলক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিল উত্তৰ প্রদেশৰ মিৰাটত। অভিযোগ, জোৰ কৰি প্ৰেমিকক জোতাৰে মাৰিবলৈ বাধ্য কৰা হয় এগৰাকী যুৱতীক। উক্ত ঘটনাৰ ভিডিও কৰা বুলিওও অভিযোগ কৰিছে যুৱতীগৰাকীয়ে। পিছত আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগৰ ভিত্তিত আটক কৰা হয় এটা হিন্দু সংগঠনৰ সদস্য কেইজনক।
শুক্রবাৰে এই ঘটনাটো সংঘটিত হোৱা বুলি জনাইছে স্থানীয় প্রশাসনে। মিৰাটৰ এখন বজাৰৰ ওচৰত গছৰ তলত বহি আছিল প্ৰেমিক যুগল। প্রথমতে তেওঁলোকক বহি থকাক লৈ প্রশ্ন তোলে ওচৰৰ এজন দোকানীয়ে। ইয়াৰ পিছতে ঘটনাস্থলীলৈ আহে হিন্দু জাগৰণ মঞ্চৰ সদস্যসকল।
আৰক্ষীক দিয়া অভিযোগত যুৱতীগৰাকীয়ে জনায় যে, তেওঁলোকৰ ওপৰত খৰ্গহস্ত হৈ পৰে হিন্দু জাগৰণ মঞ্চৰ সদস্যসকল। প্রথমতে আহিয়ে তেওঁলোকৰ নাম সোধে। নিজৰ নাম কোৱাৰ পিছতেই স্পষ্ট হয় ধর্ম পৰিচয়। তেতিয়াই আৰম্ভ হয় অত্যাচাৰ। প্রথমে মাৰধৰ কৰি তাৰ পিছত যুৱতীগৰাকীক জোতাৰে মাৰিবলৈ দিয়া হয় তেওঁৰ প্ৰেমিকক। ইয়াতেই শেষ নহয়, তাৰ পিছত কাণত ধৰাই বসিয়ে ৰখা হয় যুবকজনক। শেষত মৰিয়াই মৰিয়াই স্থানীয় থানালৈ লৈ যোৱা হয়।
অৱশ্যে যুৱতীগৰাকীৰ ভাষ্য, ‘‘তেওঁ নিজৰ ইচ্ছাতেই যুৱকজনৰ সৈতে বহি আছিল। তেওঁক কোনো জোৰজুলুম কৰা হোৱা নাই।’’












