![]()
নিউজ ডেস্কঃ
এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতীয় দলত সুযোগ নোপোৱাত টেবুল টেনিছ ফেডাৰেচনৰ বিৰুদ্ধে গোছৰ দাখিল কৰিছিল মণিকা বাত্রাই। কেৱল টেবুল টেনিছ ফেডাৰেচনে নহয়, ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক সৌম্যদ্বীপৰ বিৰুদ্ধেও অভিযোগ কৰে মণিকাই। সোমবাৰে কেন্দ্রীয় চৰকাৰৰ পৰা এই সন্দৰ্ভত মতামত জানিব বিচাৰিলে দিল্লী হাইকোর্টে।
উল্লেখ্য, টকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ প্ৰশিক্ষক সৌম্যদীপ ৰায়ৰ পৰামর্শ মানিবলৈ অস্বীকাৰ কৰাত মণিকাক কাৰণ দর্শাবলৈ কৈছিল টেবুল টেনিছ ফেডাৰেচনে। উক্ত পত্ৰৰ উত্তৰ দিবলৈ গৈয়েই বিস্ফোৰক অভিযোগ কৰে মণিকাই। ভাৰতীয় দলৰ প্ৰশিক্ষকগৰাকীৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ অভিযোগ আনে তেওঁ।
মণিকাৰ গোচৰটো সন্দৰ্ভত ন্যায়াধীশ ৰেখা পাল্লিয়ে বক্তব্য, কেন্দ্রীয় চৰকাৰ এই ক্ষেত্ৰত আৰু অধিক সক্রিয় হোৱা উচিত আছিল।
তেওঁ কয়, ‘‘মণিকাৰে ৰেঙ্কিং সকলোতকৈ ভাল। তেওঁ যেতিয়া প্ৰশিক্ষকৰ বিৰুদ্ধে ইমান ডাঙৰ এটা অভিযোগ কৰিছে, তেনে ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত আছিল।’’
আনহাতে, মণিকাৰ অধিবক্তা শচীন দত্তই কয়, ‘‘মণিকাই এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত খেলিবলৈ যোৱাৰ সকলো চর্ত পূৰণ কৰিছে। কেৱল শিবিৰত যোগ দিয়া নাই বুলিয়ে তেওঁক বাদ দিয়া হৈছে। এই নিয়ম অবিলম্বে সলনি কৰা হওক। মেধাৰ ভিত্তিত দল নির্বাচন কৰা হওক।’’












