![]()
নিউজ ডেস্কঃ
চিকিৎসকসকলৰ মতে, কৰোনা প্রতিৰোধৰ সকলোতকৈ নির্ভৰযোগ্য উপায় হ’ল টীকাকৰণ। টীকাৰ দুটি পালি সকলো প্রাপ্তবয়স্কই ল’বই লাগিব। অৱশ্যে আইচিএমআৰসহ বহু বিশেষজ্ঞৰ মতে, দুটি পালিৰ পিছতো টাকাৰ বুষ্টাৰ ড’জ ল’ব লাগিব। তেতিয়াহে সংক্রমণ সফলভাবে ৰুধিব পৰা যাব। কিন্তু সেইবুলি টীকাৰ পাঁচটা পালি! এয়াও সম্ভৱনে?
এনে ঘটনাই ঘটিল উত্তৰ প্রদেশৰ এজন বিজেপি নেতাৰ সৈতে। প্ৰমাণ-পত্রত লিখা হ’ল, কোভিডৰ পাঁচটা পালি লৈছে তেওঁ। তাতেই ক্ষোভৰ জুই জ্বলিছে সাৰধানাৰ বিজেপি বুথ সভাপতি ৰামপাল সিঙর। মে’ মাহতেই টীকাৰ দ্বিতীয় পালি লোৱা হৈছিল তেওঁৰ। কিন্তু প্ৰমাণ-পত্র ডাউনলোড কৰিবলৈ পাহৰি গৈছিল। এজন সহকর্মীয়ে পৰামর্শ দিয়ে, প্ৰমাণ-পত্র ল’বই লাগিব। নহ’লে বহু ঠাইত প্রবেশৰ অনুমতি নাপাব।
তাৰ পিছতেই প্ৰমাণ-পত্র ডাউনলোড কৰি চাই চকু কপালত উঠে ৰামপালৰ! নাম, বয়স ভুল নহয়, বৰং প্ৰমাণ-পত্রত লিখা আছে টীকাৰ পাঁচটা পালি দিয়া হৈছে তেওঁক। বাকী আছে ষষ্ঠ পালি। উক্ত পালি ডিচেম্বৰত ল’ব লাগিব। কিন্তু ৰামপালে ইতিমধ্যে যোৱা ১৬ মার্চত কৰোনা টীকাৰ প্রথম পালি আৰু ৮ মে’ দ্বিতীয় পালি লৈছে।
ইফালে প্ৰমাণ-পত্ৰত প্রথম দুটা পালিৰ তাৰিখ ঠিকে আছে যদিও বাকী পালিকেইটাৰ ১৫ মে’ত তৃতীয় পালি আৰু ১৫ ছেপ্টেম্বৰত চতুর্থ আৰু পঞ্চম পালি লোৱাৰ কথা উল্লেখ আছে, যিটো ভিত্তিহীন।
এতিয়া তেওঁৰ প্রশ্ন, দুটা পালি লোৱাৰ পিছতো তেওঁৰ নামত কেনেদৰে আৰু তিনিটা পালি লোৱা বুলি দেখুওৱা হৈছে? তেওঁৰ নামত অন্য কোনোবাই টীকা লৈছে নেকি? এই সন্দৰ্ভত স্বাস্থ্য বিভাগত তেওঁ অভিযোগ দাখিল কৰিছে। তদন্ত আৰম্ভ হৈছে।












