![]()
নিউজ ডেক্স:
প্রেমৰ সম্পর্কত বাধা হৈ থিয় দিছিল এটি চাৰে তিনি বছৰীয়া শিশু কন্যাই। সেয়ে তেওঁক পথৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লয় শিশুটিৰ মাতৃ আৰু তেওঁৰ প্রেমিকে। চাৰি বছৰ আগৰ উক্ত ঘটনাত নিহত শিশুটিৰ মাতৃ আৰু তেওঁৰ প্রেমিকক ফাঁচিৰ শাস্তি শুনালে আদালতে।
পুৰুলিয়াৰ বেজী-কাণ্ডত নিহত শিশুটিৰ মাতৃ আৰু তেওঁৰ প্রেমিক দুয়োজনকেই মৃত্যুদণ্ড দিছে আদালতে। ষড়যন্ত্র কৰি বেজীৰে খুঁচি শিশুকন্যাক হত্যাৰ গোচৰত শনিবাৰে পুৰুলিয়াৰ এক ফাষ্ট ট্ৰেক আদালতে দুয়োজনকে দোষী সাব্যস্ত কৰে।
সোমবাৰে চৰকাৰী অধিবক্তাৰ আবেদনৰ পৰিপ্রেক্ষিতত গোচৰটিৰ ৰায়দান স্থগিত ৰখা হৈছিল। মঙ্গলবাৰে শিশুটিৰ মাতৃ মঙ্গলা গোস্বামী আৰু তেওঁৰ প্রেমিক সনাতন গোস্বামী ঠাকুৰক আদালতে ফাঁচিৰ নির্দেশ দিয়ে।
২০১৭ চনৰ ১১ জুলাইত জ্বৰ আৰু চর্দি-কাহৰ উপসর্গ লৈ নিজৰ জীয়ৰীক পুৰুলিয়াৰ সদৰ হস্পিটেলত ভর্তি কৰাইছিল মাতৃ মঙ্গলাই। চিকিৎসকে জনাইছিল, সেই সময়তেই শিশুটিৰ শৰীৰত একাধিক ক্ষত আৰু আঁচোৰৰ চিহ্ন আছিল। আনকি শিশুটিৰ নিম্নাঙ্গত ৰক্তৰ দাগো আছিল বুলি জনাইছিল চিকিৎসকে।
ক্ষতৰ কাৰণ জানিবলৈ মেডিকেল বোর্ড গঠন কৰি এক্সৰে কৰাত দেখা যায় যে শিশুটিৰ শৰীৰৰ ভিতৰত বিন্ধা আছে সাতটি বেজী। কেনেদৰে বেজীয়ে বিন্ধিলে সেয়া জানিবলৈ বিচাৰিলেও তাৰ সদুত্তৰ পোৱা নাছিল মঙ্গলাৰ পৰা।
পিছত দাবী কৰে যে তেওঁ প্রাক্তন হোমগার্ড সনাতনৰ ঘৰৰ পৰিচাৰিকা। সনাতনেই তেওঁৰ জীয়ৰীৰ ওপৰত নির্যাতন চলাইছে।মঙ্গলবাৰে আদালতত ফাঁচিৰ ৰায় শুনি সম্পূৰ্ণ নীৰৱ আছিল সনাতন। অৱশ্যে মঙ্গলাই বাৰম্বাৰ জনায় যে তেওঁ নির্দোষী।












