![]()
নিউজ ডেস্কঃ
ঐতিহ্য দিৱসত শিহৰণকাৰী দৃশ্যৰ সাক্ষী হৈ ৰ’ল পেৰিচ। মাত্র আঢ়ৈ চেণ্টিমিটাৰ ব্যাসৰ ৰছীৰ ওপৰেৰে মাটিৰ পৰা ৭০ মিটাৰ অৰ্থাৎ ২৩০ ফুট উচ্চতাত খোজকাঢ়িলে এজন যুৱকে। তাকো ৬০০ মিটাৰ পথ ! অবিশ্বাস্য হ’লেও এয়াই সত্য। নাথান পলিন নামৰ ২৭ বছৰীয়া এজন যুৱকে এই শ্বাসৰুদ্ধকাৰী ঘটনা ঘটালে। পেছাত তেওঁ টাইটৰোপ ৱাকাৰ। ৰছীৰ এটা প্রান্ত বন্ধা আছিল আইফেল টাৱাৰৰ সৈতে। অন্য প্রান্তটো বন্ধা আছিল ছাইলো থিয়েটাৰৰ সৈতে। আৰু তলেৰে বৈ গৈছে শ্বেন নদী।
অৱশ্যে দুর্ঘটনা এৰাবলৈ লোৱা হৈছিল ব্যৱস্থাও। পলিনৰ শৰীৰতো এডাল ৰছী বন্ধা আছিল। ৰছীডাল মূল ৰছীৰ সৈতে বন্ধা আছিল। ৬০০ মিটাৰ অতিক্রম কৰোতে তেওঁ বিশ্রাম লৈছে কেতিয়াবা বহি বা কেতিয়াবা শুই৷ যিটো আমাৰ বাবে কল্পনাতীত।
সমগ্ৰ ইউৰোপজুৰি প্রতি বছৰেই ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত ‘ঐতিহ্য দিৱস’ পালন কৰা হয়। উক্ত সময়ত তাত দর্শকৰ বাবে ঐতিহ্যবাহী সকলো উপভোগৰ ব্যৱস্থা কৰা হয়। তেনে এক ঐতিহাসিক দৃশ্য আছিল এই ৰছীৰ ওপৰেৰে খাজকঢ়া।












