![]()
নিউজ ডেস্কঃ
ৰেচন পৰিসেৱাক অধিক সূচাৰুৰূপে পৰিচালনা কৰিবলৈ কমন ছাৰ্ভিচ চেণ্টাৰৰ সৈত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য আবন্টন মন্ত্ৰালয়ে। যাৰ ফলত এই মুহূর্তত যিকোনো কমন ছার্ভিচ চেণ্টাৰৰ জৰিয়তেই ৰেচন কার্ডৰ ভুল সংশোধন, নতুন ৰেচন কার্ডৰ বাবে আবেদন, ৰেচন কার্ড আৰু আধাৰ কার্ডৰ সংযুক্তিকৰণ প্রভৃতি সেৱা লাভ কৰিব গ্রাহকে। এইবাৰ ৰেচনৰ দোকানবোৰৰ উপাৰ্জন বৃদ্ধিৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিলে চিএছচি (কমন ছাৰ্ভিচ চেণ্টাৰ) আৰু কেন্দ্রীয় চৰকাৰে।
জানিব পৰা মতে, এতিয়াৰে পৰা গ্রাহকসকলে স্থানীয় ৰেচনৰ দোকানবোৰতেই পান কার্ড, পাছপোর্ট আদিৰ বাবে আবেদন কৰিব পাৰিব। কেৱল সেয়াই নহয় বিদ্যুৎ, পানী আৰু অন্যান্য সেৱাৰ ক্ষেত্রত বিলো পৰিশোধ কৰিব পাৰিব এই ৰেচনৰ দোকানবোৰৰ পৰাই। খাদ্য আৰু সার্বজনীন বিতৰণ মন্ত্ৰালয়ে জনোৱা মতে, ৰেচনৰ দোকানবোৰক চিএছচি সেৱা কেন্দ্র হিচাবে গঢ়ি তোলা হ’ব। বিবৃতিটোত লগতে কোৱা হৈছে যে স্থানীয় ৰেচনৰ দোকানত এইবোৰ সুবিধা উপলব্ধ হ’লে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰত সাধাৰণ মানুহে সুবিধা পাব। কার্ড আপডেট কৰা বা কোনো অভিযোগ নথিভুক্ত কৰাৰ বাবে অতিৰিক্ত সমস্যাৰ সন্মুখীন হ’বলগা নহ’ব।












