![]()
নিউজ ডেস্কঃ
প্রায় দুমাহ পিছত পৰ্ন-কাণ্ডত গ্ৰেপ্তাৰ হোৱা শিল্পা শেট্টিৰ স্বামী ৰাজ কুন্দ্রা মুকলি আকাশৰ তললৈ ওলাই আহিছে। ইমান দিনে কাৰাবাসত কটোৱাৰ পিছত অৱশেষত সোমবাৰে জামিন লাভ কৰে ৰাজে। আৰু মঙ্গলবাৰে জে’লৰ পৰা ওলাই আহে তেওঁ।
কিন্তু জে’লৰ পৰা মুক্তিৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই পুনৰ এক বিপদত শিল্পাৰ স্বামী। তেওঁৰ ওচৰৰ পৰা উদ্ধাৰ কৰা হৈছে শতাধিক পর্ন ভিডিও। এইবোৰ ৯ কোটি টকাত বিক্ৰীৰ পৰিকল্পনা আছিল বুলি বিষ্ফোৰক অভিযোগ মুম্বাই আৰক্ষীৰ অপৰাধ বিভাগৰ।
ৰাজৰ গ্রেপ্তাৰীৰ পিছৰ পৰা এটাৰ পিছত আনটো বিষ্ফোৰক তথ্য প্রকাশ্যে আহিছিল। তেওঁৰ বিৰুদ্ধে বিষ্ফোৰক অভিযোগ তুলি সৰৱ হৈছিল একাধিক মডেল-অভিনেত্রী। আনকি পত্নী শিল্পা শেট্টিও ক্ষুব্ধ হৈছিল স্বামীৰ এই কাণ্ডত। জানিব পৰা মতে, দুই সন্তানক লৈ স্বামীৰ ঘৰ এৰিছে তেওঁ। ৰাজৰ সৈতে আৰু কোনো ধৰণৰ সম্পর্কই ৰাখিব বচৰা নাই তেওঁ।












