![]()
নিউজ ডেস্কঃ
আতঙ্কই যেন ক্রমাৎ গ্রাস কৰিছে কাশ্মীৰক। অলপ সন্দেহ হ’লেই নিৰাপত্তাক্ষীয়ে সাধাৰণ মানুহক ভাবে সন্ত্ৰাসবাদী বুলি। তাৰ পিছত চলায় গুলী। এই ভ্রান্তিত কিমান লোকৰ মৃত্যু হৈছে তাৰ কোনো হিচাব নাই। বহু সময়ত মৃতকৰ পৰিচয়েই পোৱা হোৱা নাই। এইবাৰ উক্ত ভুলৰেই মাচুল ভৰিবলগা হ’ল এজন আৰক্ষী কনিষ্টবলে। নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হয় তেওঁৰ।
নিশা মন্দিৰত প্ৰৱেশ কৰিব বিচাৰিছিল তেওঁ। কিন্তু সন্ত্ৰাসবাদী বুলি গুলী চলায় নিৰাপত্তাৰক্ষীয়ে। ঘটনাস্থলীতেই প্রাণ যায় কনিষ্টবল অজয় ধাৰৰ। তেওঁ লাঙ্গাটে হান্ডৱাৰাৰ বাসিন্দা।
আৰক্ষীৰ আই জি বিজয় কুমাৰে জনোৱা মতে, নিশাৰ সময়ত মন্দিৰত প্ৰৱেশ কৰিব বিচাৰিছিল অজয়ে। তেওঁৰ পৰিচয় জানিব বিচৰাত জনোৱা নাছিল। তেতিয়া শূন্যলৈ গুলী চলায় নিৰাপত্তাৰক্ষীয়ে। কিন্তু তথাপি নিজৰ পৰিচয় নজনোৱাত আতঙ্কিত হৈ পৰে নিৰাপত্তাৰক্ষী। তাৰ পিছতে সন্ত্ৰাসবাদী বুলি ভাবি অজয়ক লক্ষ্য কৰি গুলী চলায়। ফলত থিতাতে নিহত হয় তেওঁ।












