![]()
নিউজ ডেস্কঃ
আধাৰ কার্ডৰ তথ্য চুৰি কৰিছে চীনা হেকাৰে! এই দাবী ‘ৰেকর্ডেড ফিউচাৰ ইঙ্ক’ নামৰ এক চাইবাৰ সুৰক্ষা সংস্থাৰ। দাবী কৰা হৈছে যে দেশৰ ১০০ কোটিৰো অধিক লোকৰ ব্যক্তিগত তথ্য চুৰি হৈছে। অৱশ্যে চৰকাৰী সংস্থা UIDAI-ৰ তৰফৰ পৰা এই দাবী নস্যাৎ কৰা হৈছে।
মার্কিন সংস্থা ‘ৰেকর্ডেড ফিউচাৰ’ৰ তৰফৰ পৰা জনোৱা হৈছে যে সম্ভৱত কোনো ছফ্টৱেৰৰ সহায়ত উক্ত তথ্য হস্তগত কৰিছে হেকাৰে। দেশৰ এশ কোটিৰো বেছি লোকৰ আধাৰ তথ্য ৰক্ষণাবেক্ষণ কৰে UIDAI-এ। তেওঁলোকৰ দাবী, বিগত জুন বা জুলাই মাহত তেওঁলোকৰ ডেটাবেছত আক্ৰমণ কৰে হেকাৰে। কিন্তু এইটো পৰিষ্কাৰ নহয় যে ঠিক কেনে ধৰণৰ তথ্য চুৰি কৰা হৈছে।
UIDAI-এ অৱশ্যে জনাইছে, এনে কোনো হেকিং হোৱা বুলি তেওঁলোকৰ ওচৰত কোনো খবৰ নাই। তেওঁলোকৰ ডাটা বেছ সম্পূর্ণ সুৰক্ষিত। অতি উচ্চস্তৰৰ তথ্য সুৰক্ষা ব্যৱস্থাত আছে। আনকি সমগ্ৰ ছিষ্টেমৰ ওপৰত কঠোৰ দৃষ্টি ৰখা হয়। আপডেটো কৰা হয় নিয়মিত।
কিন্তু ‘ৰেকর্ডেড ফিউচাৰ ইঙ্ক’-এ লগতে জনাইছে যে বেনেট কোলমেন এণ্ড কোং, যাক টাইমছ গ্রুপ নামেৰেও জনা যায়, তেওঁলোকৰ ৱেবছাইটকো টার্গেট কৰা হৈছিল। অৱশ্যে কোম্পানীটোৱে উক্ত অভিযোগ অস্বীকাৰ কৰিছে।












