![]()
নিউজ ডেস্কঃ
ডিঙিত গধুৰ টায়াৰ ওলোমাই দিয়াৰ লগতে মাৰধৰ। উক্ত অৱস্থাতেই নাচিবলৈ বাধ্য কৰোৱা হৈছে এক প্ৰেমিক যুগলক। লগতে একে নিগ্ৰহৰ চিকাৰ হ’বলগা হয় এগৰাকী নাবালিকাও। সম্প্রতি মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ কুন্দিগ্রামত ঘটিছে এই ঘটনা।
যোৱা ১২ ছেপ্টেম্বৰৰ উক্ত ঘটনাৰ ভিডিও প্রকাশ্যে অহাৰ পিছতে পাঁচজন গাঁওবাসীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে গন্ধৱানি থানাৰ আৰক্ষীয়ে। তেওঁলোকৰ মাজৰ তিনিজন অভিযুক্তক গ্রেপ্তাৰো কৰা হৈছে।
স্থানীয় সূত্র মতে, যোৱা ১০ জুলাইত গাঁৱৰ এগৰাকীয়ে গোপনে ঘৰ এৰি তেওঁৰ প্রেমিক গোবিন্দৰ সৈতে গুজৰাটলৈ গৈছিল। অভিযোগ, উক্ত নাবালিকাগৰাকীয়ে তেওঁক পলাই যোৱাত সহায় কৰিছিল। সেই অপৰাধতেই এনে শাস্তি।
সম্প্রতি যুৱতীগৰাকী তেওঁৰ প্রেমিকৰ সৈতে গাঁৱলৈ উভতি আহিছে। তাৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যসকলে ঘটনাৰ কথা জানিব পাৰি গাঁওবাসীৰ একাংশক লৈ তেওঁলোকৰ ওপৰত জঁপিয়াই পৰে। মাৰধৰৰ লগতে ডিঙিত টায়াৰ ওৱোমাই তেওঁলোকক নাচিবলৈ বাধ্য কৰায়। নিগ্রহৰ চিকাৰ হয় নাবালিকাগৰাকীও।
আৰক্ষীয়ে জনোৱা মতে, ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ লগতে, নাবালিকা নিগ্রহৰ অভিযোগত ‘পকছো’ আইনতো গোচৰ ৰুজু কৰা হৈছে উক্ত পাঁচজনৰ বিৰুদ্ধে।












