![]()
নিউজ ডেস্কঃ
দেশত হিন্দু-মুছলিম জন্মহাৰৰ পার্থক্য সন্দৰ্ভত মাজে সময়ে ৰাজনৈতিক বিতৰ্ক হয়৷ সূত্রৰ খবৰ মতে, জনসংখ্যা নিয়ন্ত্রণত ‘দুটি সন্তান নীতি’ লোৱাৰ পৰিকল্পা আছে মোদী চৰকাৰৰ। কিন্তু বৰ্তমান দেশত হিন্দু-মুছলিমৰ জন্মহাৰৰ পার্থক্য কিমান? সম্প্রতি এটি আমেৰিকান গৱেষণা সংস্থাৰ মতে শেহতীয়া দুটা দশকত ভাৰতত হিন্দু-মুছলিমৰ জন্মহাৰৰ পার্থক্য বহুখিনি কমিছে৷ আৰু এই দীঘলীয়া সময় ধৰি সেয়া স্থিতিশীল হৈ আছে।
আমেৰিকাৰ এটি এনজিঅ’ পিউ ৰিচার্চ চেন্টাৰৰ প্রকাশিত এক নতুন গৱেষণাত কোৱা হৈছে, দেশ বিভাজনৰ পিছৰ পৰাই ভাৰতত জনসংখ্যত হিন্দু আৰু মুছলমানৰ ধর্মীয় পার্থক্য স্থিতিশীল আছে। দেশৰ দুয়োটা বৃহত্তম ধর্মীয় গোটৰ জন্মহাৰৰ পার্থক্য কেৱল শেহতীয়া দুটা দশকত উল্লেখযোগ্যভাবে হ্রাস পোৱাই নহয়, লগতে হিন্দু-মুছলিম উভয়ৰে গড় জন্মহাৰ কমিছে৷












