![]()
নিউজ ডেস্কঃ
প্রতিদিনে বাঢ়িছে বায়ু প্ৰদূষণ। অন্যতম কাৰণ হৈছে কার্বন নিৰ্গমন। তাৰ ফলত প্রতি বছৰত মৃত্যু হৈছে লাখ লাখ মানুহ। ইয়াকে লৈ উদ্বেগ প্ৰকাশ কৰিলে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই। প্ৰদূষণৰ মাত্রা বান্ধি দিয়াৰ বাবে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। নতুন নির্দেশনা জাৰি কৰিছে হুই।
ৰাষ্ট্রসঙ্ঘ ইএই সন্দৰ্ভত ১৯৪খন সদস্য দেশকলৈ নির্দেশনা পঠাইছে। তাত স্পষ্টকৈ কোৱা হৈছে কার্বন নিৰ্গমন কমোৱাৰ বিষয়ত। লগতে পার্টিকুলেট মেটাৰ (পিএম), নাইট্রোজেন ডাই অক্সাইডৰ সর্বোচ্চ মাত্ৰা কিমান থাকিব, সেয়াও বান্ধি দিয়া হৈছে। পিএম আৰু নাইট্রোজেন ডাই অক্সাইড ইন্ধনজাত তেল পোৰাৰ ফলত উৎপন্ন হয়।
বতাহত এইবোৰৰ পৰিমাণ বাঢ়িলে প্রভাৱ পৰে শৰীৰত। শ্বাসকষ্ট বাঢ়ে। কাৰ্ডিওভাছকুলাৰ ৰোগ অর্থাৎ হৃদৰোগৰ প্রকোপ বাঢ়ে। প্ৰদূষিত বায়ুত শ্বাস ল’লে হয় হাওঁফাওঁৰ কেন্সাৰ। তাৰ প্রমাণো দাঙি ধৰিছে হুই। পৰিসংখ্যা দি জনাইছে, হৃদৰোগ, স্ট্রোক, হাওঁফাওঁৰ কেন্সাৰত প্রতি বছৰে ৭০ লাখ মানুহৰ মৃত্যু হৈছে বিশ্বত।
WHO-ই লগতে কৈছে, বায়ু প্ৰদূষণ আৰু জলবায়ুৰ পৰিবতর্ন, দুয়োটায়ে এতিয়া মানুহৰ জীৱনলৈ অভিশাপৰ দৰে আহিছে। বৃহৎ সংকটৰ সৃষ্টি কৰিছে।












