![]()
নিউজ ডেস্কঃ
চন্দ্ৰত ১০ একৰ মাটি কিনা বুলি দাবী কৰিলে বাংলাদেশৰ দম্পতি অখিল ৰায় আৰু অনুপা হালদাৰে। তেওঁলোকৰ দাবী, যোৱা শনিবাৰে তেওঁলোকে আমেৰিকাৰ ‘লুনাৰ এম্বেছী’ নামৰ এক কোম্পানীৰ পৰা উক্ত মাটি কিনিছে।
অখিল আৰু অনুপা আচলতে বাংলাদেশৰ গোপালগঞ্জৰ বাসিন্দা হ’লেও বর্তমান তেওঁলোক কানাডাত থাকে। অখিলে জনোৱা মতে, কেইদিনমান আগতে তেওঁ জানিব পাৰে যে চন্দ্ৰত মাটি বিক্ৰী কৰা হৈছে। তেতিয়াই তেওঁলোকে মাটি কিনাৰ সিদ্ধান্ত লয়। এই কামৰ বাবে তেওঁলোকে ডেনিছ হোপৰ কোম্পানী ‘লুনাৰ এম্বেছী’ৰ সৈতে যোগাযোগ কৰে। তাৰ পিছতেই মাটি কিনাৰ প্রক্রিয়া শেষ হয়। তেওঁলোকে কিনা মাচিৰ ছেটেলাইট ছবি আৰু নথি তেওঁলোকৰ ওচৰত থকা বুলিও দাবী কৰিছে দম্পতিটোৱে।
উল্লেখ্য, ইয়াৰ পূৰ্বে বাংলাদেশৰেই সাতক্ষীৰাৰ দুই বন্ধু ছাহিন আলম আৰু শ্বেখ চাকিল হুছেইনে চন্দ্ৰত এক একৰ মাটি কিনা বুলি দাবী কৰিছিল। একেটা কোম্পানীৰ পৰা মাত্র ৫৫ ডলাৰত উক্ত মাটি তেওঁলোকে কিনা বুলি জনাইছিল। চলিত বছৰৰেই জুলাই মাহত পশ্চিমবঙ্গৰ ঝাড়গ্রামৰ বাসিন্দা সুমন্ত মুর্মুই জনাইছিল যে বিবাহ বার্ষিকীত পত্নীক চন্দ্ৰত কিনা মাটিৰ দলিল উপহাৰ দিয়ে তেওঁ।












