ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেঙ্কায়া নাইডুই জিএমচিএইচৰ ৰাজ্যিক কেন্সাৰ ইনষ্টিটিউটত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পেট-এমআৰআই (PET-MRI) বিভাগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। এই উপলক্ষে জিএমচিএইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অসম চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ উন্নত স্বাস্থ্য সেৱাৰ বাবে বিভিন্ন আধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰিছে।
আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সেৱাই অঞ্চলটোৰ কেন্সাৰ চিকিৎসা ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব। ৬২ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্প হৈছে দেশৰ চৰকাৰী হস্পিটেলত স্থাপন কৰা চতুৰ্থটো প্ৰকল্প। এই মেচিন PET-CT মেচিনতকৈ যথেষ্ট আধুনিক আৰু ইয়াৰ জৰিয়তে অত্যাধুনিক কেন্সাৰ গৱেষণা কাৰ্যৰ সুবিধা হ’ব।