
কর্বি আংলং (Karbi Anglong) জিলাৰ বকলিয়াঘাট (Bakoliaghat)ত আজি এটা মৃতদেহ উদ্ধাৰ (Recovery of the dead body) হোয়া ঘটনাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বকলিয়াঘাটৰ মাগুৰমাৰীৰ উদ্যমী যুৱক তথা হাতিদন্তীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক পবিত্ৰ বড়ো (Teacher Pabitro Baro) যোৱা ১৭ জুনৰ পৰা সন্ধানহীন হৈ আছিল। আজি বকলিয়াঘাটৰ উত্তৰ ফংলকপেটৰ এখন হাবিত নিৰুদ্দেশ হৈ থকা পবিত্ৰ বড়োৰ অর্দ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। আজি পুৱা স্থানীয় ৰাইজে মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে।
বকলিয়াঘাট আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ভিক্ষু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে, লগতে ঘটনা সংক্রান্তত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। ইফালে, মৃতকৰ পৰিয়ালৰ লোকে জনোৱা মতে, ১৭ জুনত তেওঁ বকলীয়াঘাটত কাম আছে বুলি বাইকেৰে ওলাই গৈছিল।

পাছত এবাৰ কথা পাতিছিল যদিও তেতিয়াৰ পৰাই তেওঁৰ মোবাইলটো চুইচ অফ হৈ আছে। নিশালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীৰ পৰা কোনো সহায় নোপোৱাৰ অভিযোগ উত্থাপন করে।
ইফালে বড়োৰ মোবাইল ফোন আৰু বাইক উদ্ধাৰ নহোৱাত এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। কাৰ ফোন কলত তেওঁ ঘৰৰ পৰা ওলাই গৈছিল সেই নম্বৰৰ ট্ৰেচিং কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালটোৱে।













