
বোকাজান মহকুমাৰ অন্তগৰ্ত ডিলাই থানা এলেকা পুৰণি লাহৰিজান পহৰা চকীৰ ছয় মাইলত আৰক্ষীৰ তীক্ষ্ণ তালাচীত মণিপুৰৰ দিশৰ পৰা অহা গুৱাহাটী অভিমুখী এখন ক্ৰেটা বাহনৰ পৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰে৷ মঙলবাৰে আৰক্ষীয়ে এএছ ০১ ডিএইচ ১৬৬৬ নং এখন বাহনত তালাচী চলায়৷

এই তালাচীত বাহনখনৰ পিছফালৰ ডিকিৰ ভিতৰত থকা অতিৰিক্ত চকাত (স্পেয়াৰ হুইল)ত ৬টা পেকেটত ৩ কেজি ৪৯ গ্ৰাম সন্দেহযুক্ত মৰফিন জব্দ কৰে৷ এই নিচা জাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য তিনি কোটিৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে৷
ডিলাই আৰক্ষীয়ে মণিপুৰৰ সেনাপতি টি এইচ জেকবক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। সন্দেহযুক্ত মৰফিনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতত জব্দ কৰে৷













