
বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়৷ জানিব পৰা মতে নিজৰ ভুলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় লোকজনৰ৷ মৃত লোকজনৰ বয়স আছিল ৫০ বছৰ৷

উল্লেখ্য যে বোকাজান থানাৰ অন্তৰ্গত কায়ৈৰাম মণিপুৰী বস্তিৰ বাবু সিং নামৰ ব্যক্তিজনে আজি পুৱা প্ৰায় ৭.৩০ বজাত খেতি কৰিবলৈ যাওঁতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ পাহৰি যায়৷ ফলত তেওঁ বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যুক সাৱটি লয়।
গুৰুত্বপূৰ্ণ যে উল্লিখিত এলেকাটোত বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা বাবে একাংশ লোকে ঘৰৰ চৌহদত বিদ্যুৎ সংযোগ কৰি লয়৷ ইয়াৰ লগতে খেতিৰ মাটি ৰক্ষা কৰিবলৈ এই ব্যৱস্থা কৰে৷ মৃত লোকজনে নিজৰ ঘৰ আৰু খেতিৰ মাটি বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিবলৈ উল্লিখিত ব্যৱস্থা কৰিছিল৷
কিন্তু খেতিপথাৰলৈ যোৱাৰ সময়ত তেওঁ বিদ্যুৎ বিচ্ছিন্ন কৰিবলৈ পাহৰি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়৷ চুবুৰীয়াই জনোৱা মতে, মৃত ব্যক্তিজনক দিনৰ ভাগত বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বহুবাৰ সকীয়াই দিয়া হৈছিল যদিও তেওঁ প্ৰায়ে আওকাণ কৰিছিল। আৰক্ষী আৰু বিদ্যুৎ বিভাগে পৃথকে পৃথকে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।













