
ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা) পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱৰ সুযোগ লৈ চোৰে চলালে হৰলুকিৰ অভিযান। ডিফু চহৰৰ মাজমজিয়াত অৱস্থিত কাছা খেলপথাৰৰ পৰা চোৰে এচি, তামাৰ তাৰসহ বহুপ্ৰকাৰ মূল্যৱান সামগ্ৰী হৰলুকি নিলে।

কাছা খেলপথাৰত নৱনির্মিত ছুইমিং পুল, লাংকুং হাবে মাল্টি স্পৰ্টছ কমপ্লেক্স আৰু ইনড’ৰ ষ্টেডিয়ামৰ পৰা চোৰে কেইবা লাখ টকাৰ মূল্যৱান সামগ্ৰী লুটিলে। খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱৰ সুযোগ লৈ চোৰে হৰলুকিৰ অভিযান চলালে।













